অসম

assam

ETV Bharat / international

কেনেকৈ মৰিল বাগদাদী, সবিশেষ পঢ়ক - Baghdadi today's news

ঘৰটোত থকা প্ৰায়ভাগ লোকে সেই সময় পৰ্যন্ত আত্মসমৰ্পন কৰিছিল বা ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছিল ৷ ইয়াৰে 11টা শিশুক ঘৰটোৰ পৰা সুৰক্ষিতভাবে উলিয়াই অনা হয় ৷ কিন্তু তিনিটা শিশুক লগত লৈ সুৰংগটোৰ ফালে পলাই যায় বাগদাদী ৷ সুৰংগটো বন্ধ হোৱাৰ বাবে তাৰ ইপাৰে যাব নোৱাৰা হৈ পৰে বাগদাদী ৷ কুকুৰে খেদি যোৱাত সুৰংগৰ শেষত নিজে পিন্ধি থকা পোচাকত থকা বোমাৰ পিন খুলি নিজে আৰু নিজৰ লগত লৈ যোৱা তিনিটি শিশুক বোমাৰে উৰুৱাই দিয়ে বাগদাদীয়ে ৷ বিস্ফোৰণত ক্ষত-বিক্ষত হৈ যায় বাগদাদী আৰু লগত লৈ যোৱা তিনিটি শিশুৰ দেহ ৷ বিস্ফোৰণটোৰ ফলত সুৰংগটোৰো ক্ষতি হোৱা বুলিও জনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু

By

Published : Oct 28, 2019, 9:53 PM IST

Updated : Oct 28, 2019, 11:02 PM IST

ইন্টানেশ্বনেল ডেস্ক, 28 অক্টোবৰ: সন্ত্ৰাসবাদী সংগঠন আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেওবাৰে এই ঘোষণা কৰে ৷ এই কথা ৰাষ্ট্ৰ হোৱাৰ লগে লগে বাগদাদীৰ মৃত্যু হোৱা সেনা অভিযানৰ ন ন তথ্য বিশ্বৰ সন্মুখলৈ লৈ আহিছে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ তেঁও কয় যে,''বাগদাদীয়ে কাপুৰুষৰ দৰে কান্দি কান্দি মৃত্যুক সাৱটি লয়''

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু


চল্লিশ উৰ্ধৰ বাগদাদী বিশ্বৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আছিল যাৰ শিৰৰ মূল্য আছিল প্ৰায় 25 মিলিয়ন আমেৰিকান ডলাৰ ৷ বাগদাদীয়ে চিৰিয়া আৰু ইৰাকত নিজৰ ‘খালিফত' স্থাপন কৰি এখন আসুৰিক সাম্ৰাজ্য চলাই আছিল যাৰ বাবে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল ৷ 2011 চনৰ মে’ মাহত অল কায়দাৰ মুৰব্বী ওচমা বিন লাডেনৰ পিছত এইটোৱে হৈছে দ্বিতীয়টো তাৎপৰ্যপূৰ্ণ অভিযান ৷ ওচমাৰ মৃত্যুৰ হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেভি ছিল্চৰ অভিযানত আৰু এই কথা তেতিয়াৰ ৰাষ্ট্ৰপতি বাৰাক ওবামায়ে ঘোষণা কৰিছিল ৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু

আমি কি জানো এই অভিযানৰ বিষয়ে?

দেওবাৰে সন্ধিয়া দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা এক সাক্ষাৎকাৰত বাগদাদীৰ মৃত্যুৰ কথা প্ৰকাশ কৰে ট্ৰাম্পে ৷ এক দুঃসাহসিক নৈশ অভিযানত বাগদাদীৰ মৃত্যু হোৱা বুলি জনাই ট্ৰাম্পে ৷ তেওঁ জনায় যে, কোনো অজ্ঞাত স্থানৰ পৰা ৱাশ্বিংটনৰ সময় অনুসৰি সন্ধিয়া প্ৰায় 5 বজাত উৰা মাৰে হেলিকপ্টাৰ সমূহে ৷ প্ৰায় 1 ঘন্টা 10 মিনিট উৰণৰ পিছত প্ৰায় 2 ঘন্টা সময় অভিযান অব্যাহত থাকে ৷ হেলিকপ্টাৰসমূহ তুৰস্ক, চিৰিয়া অধিকৃত অঞ্চল আৰু ৰাছিয়াৰ ওপৰৰে উৰা মাৰে ৷ তেঁও লগতে কয় যে, ৰাছিয়ায়ে হেলিকপ্টাৰসমূহৰ বাবে কোনো প্ৰশ্ন নকৰাকৈ আকাশমাৰ্গ মুকলি কৰি দিয়ে ৷ অতি কৌশলপূৰ্ণভাবে চলাই নিয়া এই অভিযানৰ সময়ত হেলিকপ্টাৰসমূহে বহুত তলৰ পৰা আৰু বহু তীব্ৰগতিত উৰা মাৰিব লগা হৈছিল ৷ বাগদাদীৰ ঘৰৰ ওচৰ পোৱাৰ লগে লগে অভিযানকাৰী দলটোলৈ গুলিবৰ্ষণ কৰা হয় বুলি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু

বিষয়াসকলে মাৰ্কিন সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, দেওবাৰে পুৱতি নিশা চিৰিয়াৰ এক বিশেষ অঞ্চলৰ ওপৰত আক্ৰমণ কৰে সেনায়ে ৷ ইদলিব প্ৰদেশৰ বাৰিছে নামৰ এখন গাঁৱত আক্ৰমণ চলাই সেনায়ে ৷ এই গাঁওখন তুৰস্কৰ সীমাৰ পৰা প্ৰায় 5 কিঃমিঃ নিলগত অৱস্থিত ৷ এজন স্থানীয় লোকে জনিবলৈ দিয়া মতে, প্ৰায় আধা ঘন্টা চলা গোলাবৰ্ষণৰ পাচত, হেলিকপ্টাৰ কেইখনে দুটা ঘৰলৈ লক্ষ্য কৰি মিছাইল এৰি দিয়ে ৷ মিছাইলৰ আঘাটত এটা ঘৰ সম্পূৰ্ণ ৰূপে ধ্বংস হয় ৷ স্পেচিয়েল ফৰ্চৰ দলটোৱে এবাৰ হেলিকপ্টাৰৰ পৰা নমাৰ পিছত ঘৰটোক বেৰি থকা দেৱালসমূহ বোমাৰে খহাই পেলোৱা হয় যাতে সেনাবাহিনীৰ দলটো কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু


ৰাষ্ট্ৰপতিগৰাকীয়ে জনাই যে, ঘৰটোত থকা প্ৰায়ভাগ লোকে সেই সময় পৰ্যন্ত আত্মসমৰ্পন কৰিছিল বা ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছিল ৷ ইয়াৰে 11টা শিশুক ঘৰটোৰ পৰা সুৰক্ষিতভাবে উলিয়াই অনা হয় ৷ কিন্তু তিনিটা শিশুক লগত লৈ সুৰংগটোৰ ফালে পলাই যায় বাগদাদী ৷ সুৰংগটো বন্ধ হোৱাৰ বাবে তাৰ ইপাৰে যাব নোৱাৰা হৈ পৰে বাগদাদী ৷ কুকুৰে খেদি যোৱাত সুৰংগৰ শেষত নিজে পিন্ধি থকা পোচাকত থকা বোমাৰ পিন খুলি নিজে আৰু নিজৰ লগত লৈ যোৱা তিনিটি শিশুক বোমাৰে উৰুৱাই দিয়ে বাগদাদীয়ে ৷ বিস্ফোৰণত ক্ষত-বিক্ষত হৈ যায় বাগদাদী আৰু লগত লৈ যোৱা তিনিটি শিশুৰ দেহ ৷ বিস্ফোৰণটোৰ ফলত সুৰংগটোৰো ক্ষতি হোৱা বুলিও জনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু

ক্ষত-বিক্ষত দেহটো পৰীক্ষা কৰাত সেইটো বাগদাদিৰ দেহা আছিল বুলি নিশ্চিত কৰে মাৰ্কিন সেনাই ৷ মৃত্যুৰ 15 মিনিট পিছতে সম্পন্ন কৰা হয় মৰণোত্তৰ পৰীক্ষা ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনাই যে এই অভিযানত কোনো মাৰ্কিন সেনাৰ প্ৰাণহানি হোৱা নাই কিন্তু মৃত্যু হয় বাগদাদিৰ দুগৰাকী পত্নী আৰু সতীৰ্থৰ ৷

আইছিছৰ মুৰব্বী আবু বাক্কৰ অল-বাগদাদীৰ মৃত্যু
Last Updated : Oct 28, 2019, 11:02 PM IST

ABOUT THE AUTHOR

...view details