ইণ্টাৰনেশ্যনেল ডেস্ক,26 এপ্ৰিল:বাগদাদত কৰ’ণা ভাইৰাছৰ ৰোগী থকা এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত নিহত হয় 82গৰাকী আৰু আহত হৈছে প্ৰায় 110তকৈ অধিক ৰোগী ৷ এই কথা ইৰাকীৰ অভ্যন্তৰীণ মন্ত্ৰনালয়ৰ মুখপাত্ৰ খালিদ আল-মাহানাই দেওবাৰে সংবাদমাধ্যমৰ আগত সদৰি কৰে ৷ ইৰাকীৰ অভ্যন্তৰীণ মন্ত্ৰনালয়ৰ মুখপাত্ৰ গৰাকীয়ে সদৰি কৰা অনুসৰি, আহত সকলৰ বহুতৰে অৱস্থাত অতি সংকটজনক ৷
বাগদাদৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত 82 গৰাকী ৰোগীৰ মৃত্যু - total death in Baghdad hospital blaze
বাগদাদত কৰ’ণা ভাইৰাছ ৰোগী থকা এখন চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত ৷ এই অগ্নিকাণ্ডত নিহত হয় 82 গৰাকী ৰোগী আৰু আহত হৈছে প্ৰায় 110 তকৈ অধিক কৰ’ণা ৰোগী ৷

বাগদাদৰ কৰ’ণা চিকিৎসালয়ত ভয়াবহ অগ্নিকাণ্ড; নিহত 82গৰাকী
এক আন্তঃৰাষ্ট্ৰীয় সংবাদ সন্থাই প্ৰকাশ কৰা বিবৃতি অনুসৰি, শনিবাৰে নিশা কেইবাটাও অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত চিকিৎসালয় খনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ য’ত কৰ’ণা ৰোগী চিকিৎসাধীন হৈ আছিল ৷ পৰৱৰ্তী সময়ত অসামৰিক প্ৰতিৰক্ষা আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷
লগতে পঢ়ক:বদ্ৰীনাথত শুকুলা বৰফৰ আচ্ছাদন