নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰীঃয়েমনত বিদ্ৰোহী সংগঠন হাউথিছ আৰু চৌদি আৰৱ সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ ৷ চৌদি আৰৱ নেতৃত্বৰ এটা জোটৰ সেনাৰ উত্তৰাঞ্চলীয় প্ৰদেশৰ এটা পাহাৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ ফলত মৃত্যু 31 জনকৈ লোকৰ ৷ এই কথা সদৰি কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱীয় সমন্বয়ক লিছ গ্ৰানডেয়ে ৷
শনিবাৰে য়েমেনী বিদ্ৰোহী তথা হাউথিছৰ দ্বাৰা জাওফ প্ৰদেশত চৌদি নেতৃত্বাধীন জোটৰ এটি যুদ্ধ বিমান ধ্বংস কৰাৰ কিছু ঘণ্টাৰ পাচতেই চৌদি আৰৱ সেনাই কৰে এয়াৰ ষ্ট্ৰাইকেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷ এই এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় 31 গৰাকীকৈ লোকৰ ৷