তালিবানৰ কবলৰ পৰা উদ্ধাৰ 83 জন লোক
চৰকাৰী চোৰাংচোৱাগিৰিৰ সন্দেহত তালিবানী সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছিল আফগান নাগৰিককেইজনক৷
নিউজ ডেস্ক, 6 জুন : তালিবানৰ বন্দীত্বৰ পৰা মুকলি 83 জনকৈ লোক ৷ আফগানিস্তানৰ কোৱাইচাৰ জিলাৰ ফাৰয়াব প্ৰান্তৰ পৰা বুধবাৰে নিশা আফগান স্পেচিয়েল ফৰ্চে উদ্ধাৰ কৰে 83 জনকৈ তালিবান বন্দীক৷
আফগান স্পেচিয়েল ফৰ্চৰ এই বৃহৎ সফলতাৰ বিষয়ে জানিবলৈ দিয়ে চাহিন কৰ্পচৰ মুখপাত্ৰ মহম্মদ হানিফ ৰেজাইয়ে৷ স্পেচিয়েল ফৰ্চৰ আগমনৰ পূৰ্বেই বন্দীকেইজনক ৰখা ঠাইৰ পৰা পলায়ন কৰে তালিবানী সন্ত্ৰাসবাদীকইটাই ৷
উল্লেখ্য যে চৰকাৰী চোৰাংচোৱাগিৰিৰ সন্দেহত আফগানিস্তানৰ বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণক বন্দী কৰি ৰাখিছে তালিবানী সন্ত্ৰাসবাদীয়ে ৷