নিউজ ডেস্ক, ৬ জুলাইঃ কুৱেইট থকা ৮ লাখ ভাৰতীয়ক গৃহ ৰাষ্ট্ৰলৈ উভতি আহিবলৈ দেওবাৰে অনুমতি প্ৰদান কৰে কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটিয়ে । এই কমিটিখনে কোটা বিল মঞ্জুৰ কৰা পাচতে কুৱেইটত থকা প্ৰৱাসী ভাৰতীয়সকল নিজ গৃহ ৰাষ্ট্ৰলৈ উভতি আহিব পাৰিব বুলি উল্লেখ কৰে ।
কুৱেইটৰ ৮ লাখ প্ৰবাসী ভাৰতীয়ই এৰিব লাগিব পাৰে চহৰখন - কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটি
কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটিয়ে দেওবাৰে ৰাষ্ট্ৰখনত থকা ৮ লাখ ভাৰতীয়ক গৃহ ৰাষ্ট্ৰলৈ উভতি আহিবলৈ অনুমতি প্ৰদান কৰে । কুৱেইটৰ স্থানীয় সংবাদ মাধ্য়ম গল্ফ নিউজত প্ৰকাশ পাইছে এই কথা ।
![কুৱেইটৰ ৮ লাখ প্ৰবাসী ভাৰতীয়ই এৰিব লাগিব পাৰে চহৰখন কুৱেইট এক্সপাট কোটা বিল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:22:52:1593996772-7908423-kuwait-flag.jpg)
স্থানীয় সংবাদ মাধ্যম গল্ফ নিউজত প্ৰকাশ পোৱা অনুসৰি,কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটিখনে নিৰ্ধাৰণ কৰে যে এক্সপাট কোটা বিল সাংবিধানিক । যাৰ বাবেই অনুমতি প্ৰদান কৰে কমিটিখনে । এই বিলখনৰ জৰিয়তে প্ৰায় ৮০০,০০০ গৰাকী ভাৰতীয়ই কুৱেইট এৰিব পাৰে বুলিও গল্ফ নিউজত প্ৰকাশ পায় । কিয়নো কুৱেইটৰ মুঠ ৪.৩ মিলিয়ন জনসংখ্যাৰ ১.৪৫ মিলিয়নে প্ৰৱাসী ভাৰতীয় আছে বুলি উল্লেখ কৰে।
তাৰোপৰি কুৱেইটৰ প্ৰধানমন্ত্ৰী শেখ ছাহাব অল খালিদা অল ছাহাবে ৰাষ্ট্ৰখনত প্ৰৱাসী জনসংখ্যা ৭০ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । উল্লেখ্য যে জন হপকিন্স বিশ্ববিদ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি,কুৱেইটত বৰ্তমান পৰ্যন্ত ৪৯০০০ ৰো অধিক লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ।