অসম

assam

ETV Bharat / international

ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ - বুশহৰ জাহাজঘাটিত ৰহস্যময় অৱস্থাত জ্বলি উঠে 7খনকৈ জাহাজ

ইৰানৰ বুশহৰ জাহাজঘাটিত ৰহস্যময় অৱস্থাত জ্বলি উঠে 7খনকৈ জাহাজ ৷ কিছুদিন পূৰ্বেও দেশখনৰ নংতাজ পৰমানু সংবৰ্ধন কেন্দ্ৰত ৰহস্যজনক বিস্ফোৰণ হৈছিল ৷

7 Ships catch fire in Bushehr port of Iran
ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ

By

Published : Jul 16, 2020, 5:11 AM IST

নিউজ ডেস্ক, 16 জুলাই :বুধবাৰে ইৰানৰ ব্যস্ত বুশহৰ জাহাজঘাটিত সংঘটিত হয় ৰহস্যজনক অগ্নিকাণ্ড ৷ 7খনকৈ জাহাজত সংঘটিত অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ তথ্য পোৱা গৈছে ৷ অৱশ্যে কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল আৰু ঘটনাত কিমান লোক হতাহত হৈছে তাৰ কোনো তথ্য পোহৰলৈ অহা নাই ৷

এই অগ্নিকাণ্ডৰ ফলত ইৰানৰ জলীয় ক্ষেত্ৰৰ ওচৰত থকা কিছুসংখ্যক অন্য স্থানটো বিস্ফোৰণ সংঘটিত হয় ৷ এই বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই ৷

উল্লেখ্য যে, ইৰানৰ ৰাজধানী তেহৰানৰ এখন ক্লিনিকত হোৱা গেছ বিস্ফোৰণত 19 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ আনহাতে কিছুদিন পূৰ্বেই ইৰানৰ নংতাজ ভূমিগত পৰমানু কেন্দ্ৰতো এক বিস্ফোৰণ সংঘটিত হৈছিল ৷ আনহাতে ওমানৰ জলৰাশিত চলি থকা এক সৈনিক অনুশীলনত ইৰানৰ এখন যুদ্ধজাহাজ ভুলবশতঃ মিছাইলৰ বলি হৈছিল ৷ এই ঘটনাত 19 গৰাকী নৌ-সেনাৰ মৃত্যু হৈছিল ৷

লগতে পঢ়কঃমণ্ট ব্লেংক হিমবাহত উদ্ধাৰ 1966 চনৰ ভাৰতীয় সংবাদপত্ৰ

ABOUT THE AUTHOR

...view details