অসম

assam

ETV Bharat / international

ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

বাগদাদৰ উচ্চ সুৰক্ষা গ্ৰীণ জ’নৰ মাৰ্কিন দুতাৱাসৰ সমীপৰ ৰকেট আক্ৰমণৰ বাবে ইৰাণক দোষাৰোপ আমেৰিকাৰ ৷ কিন্তু এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ৷

By

Published : Jan 21, 2020, 8:31 PM IST

3 rockets hit near US embassy in Baghdad: security sources
তিনিটা ৰকেটেৰে আক্ৰমণ কৰা হৈছিল বাগদাদৰ মাৰ্কিন দুতাৱাসতঃ সুৰক্ষা সূত্ৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ ইৰাকৰ ৰাজধানী বাগদাদৰ উচ্চ সুৰক্ষা গ্ৰীণ জ’নৰ মাৰ্কিন দুতাৱাসৰ সমীপত তিনিটা ৰকেটেৰে আক্ৰমণ কৰা হৈছিল ৷ প্ৰতিৰক্ষা বিভাগে মিডিয়াযোগে এই কথা সদৰী কৰে ৷ আনহাতে ৰকেটৰ আক্ৰমণৰ প্ৰভাৱৰ তাৎক্ষণিক পিচতে সমগ্ৰ জ’নত চাইৰেন বাজি উঠিছিল ৷

বিগত সময়চোৱাত গ্ৰীণ জ’নত হোৱা এই আক্ৰমণৰ বাবে আমেৰিকাই ইৰাণ সমৰ্পিত অৰ্ধ-সামৰিক বাহিনীক দোষাৰোপ কৰে ৷ উল্লেখ্য যে এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ৷

আৰু পঢ়কঃইৰাকৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ দাবী প্ৰত্যাখ্যান আমেৰিকাৰ

ABOUT THE AUTHOR

...view details