ইন্টাৰনেশ্বনেল ডেস্ক, 4 মাৰ্চ :ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথ দ্বিতীয়ই তেওঁৰ পৰিনাতি ৰাজকুমাৰ হেৰীক ৰাজপাটলৈ উভটি আহিবলৈ আহ্বান জনাইছে ৷ পত্নী মেঘান মাৰ্কেলৰ সৈতে একেলগে ৰাজকীয় জীৱন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজকুমাৰ হেৰীয়ে ৷
অহা সপ্তাহত হ'বলগীয়া ৰাজকুমাৰ হেৰী আৰু মেঘান মাৰ্কেলৰ শেষৰটো ৰাজকীয় বান্ধোন (royal engagement)ৰ পূৰ্বে দেওবাৰে ৱিন্দছোৰ কাছেলত কুইন এলিজাবেথ দ্বিতীয় আৰু প্ৰিন্স হেৰীয়ে প্ৰায় চাৰিঘন্টা ধৰি আলোচনা মিলিত হয় ৷ আলোচনাৰ মাজতে ৰাণীয়ে ৰাজকুমাৰক ৰাজপাটলৈ ঘুৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁক আদৰি লোৱা হ'ব বুলি প্ৰকাশ কৰে ৷