নিউজ ডেস্ক, 21 নৱেম্বৰ :বিশ্বৰ প্ৰথমখন সম্পূৰ্ণ বৈদ্যুতিক আৰু স্ব-ষ্টিয়েৰিংযুক্ত কণ্টেইনাৰ জাহাজ(worlds first autonomous electric container ship) পৰিবহণৰ বাবে সাজু ৷ নৰৱেৰ দক্ষিণ উপকূলত যাত্ৰা কৰিবলৈ সৰ্বতো প্ৰকাৰে সাজু কৰি তোলা হৈছে জাহাজখনক ৷
বিগত শুকুৰবাৰে য়াৰা বিৰ্কেলেণ্ড(Yara Birkeland) নামৰ 80 মিটাৰ দীঘল (87 গজ) জাহাজখন মুকলি কৰা হয় ৷ জাহাজখনে প্ৰতি বছৰে 1,000 টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব, যি প্ৰায় 40,000 ডিজেল চালিত যাত্ৰাৰ সমান ৷ পৰিৱেশৰ প্ৰদূষণ ৰোধ কৰাত জাহাজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷