ইন্টাৰনেচনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী :বিগত কেইবামাহ ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনক আক্ৰমণৰ(Russia Ukraine crisis) পৰিকল্পনা অস্বীকাৰ কৰি আহিছিল যদিও বৃহস্পতিবাৰে পুৱা তেওঁ দেশখনৰ ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযান ঘোষণা কৰে । লাইভ টেলিভিছনত কৰা এই ঘোষণাৰ পাছতেই ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বিস্ফোৰণৰ বাতৰি পোৱা গৈছিল ।
পূব ইউক্ৰেইনৰ দুটা বিদ্ৰোহী অধিকৃত অঞ্চলত ৰাছিয়ান সৈন্য মোতায়েনৰ আদেশৰ পাছতেই আৰম্ভ কৰা হৈছে এই সামৰিক অভিযান । পুটিনৰ মতে "শান্তি বজাই ৰাখিবলৈ"হে দেশখনত চলোৱা হৈছে এই সামৰিক অভিযান ।
শেহতীয়া তথ্য মতে ৰাছিয়াই ইউক্ৰেইনৰ সীমাৰ ওচৰত কমেও ২ লাখ সেনা মোতায়েন কৰিছিল আৰু বৃহস্পতিবাৰৰ অভিযান হ’ব পাৰে এক নতুন আক্ৰমণৰ প্ৰথম পদক্ষেপ । যদি সেয়া হয় তেন্তে ইয়াৰ পাছত হ’বলগীয়া ঘটনাক্ৰম সমগ্ৰ ইউৰোপৰ নিৰাপত্তা গাঁথনিক পেলাব পাৰে বিপদত ।
দীৰ্ঘদিন ধৰি ৰাছিয়াই ইউক্ৰেইনৰ বাবে নাটো আৰু ইউৰোপীয়ান ইউনিয়নৰ সদস্য পদৰ বিৰোধ কৰি আহিছিল । তেওঁ পশ্চিমীয়া দেশসমূহ আৰু ইউক্ৰেইনৰ পৰা নাটোত যোগদান নকৰাৰ নিশ্চয়তা বিচাৰিছিল । পুটিনে দাবী কৰিছিল যে ইউক্ৰেইনে নিজকে সামৰিকীকৰণৰ পৰা মুক্ত কৰিব আৰু এখন নিৰপেক্ষ ৰাষ্ট্ৰ হিচাবে স্থিতি গ্ৰহণ কৰিব ।
যদিও প্ৰাক্তন ছোভিয়েট গণৰাজ্য, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা আছিল, ২০২১ চনৰ আৰম্ভণিতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । ২০২১ তনৰ জানুৱাৰীত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক ইউক্ৰেইনক নাটোত (NATO) যোগদানৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছিল ।