ইণ্টাৰনেশ্যনেল ডেস্ক,১০ মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ (Russia Ukraine War) অব্যাহত আছে । প্ৰায় দুসপ্তাহ ধৰি চলি থকা এই যুদ্ধৰ কেতিয়া অন্ত পৰিব তাক লৈ এতিয়া বিশ্ববাসী চিন্তিত । ইয়াৰ মাজতে ইউক্ৰেইন পক্ষই ৰাছিয়াৰ সেনা বাহিনীৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিয়াৰ ফলত সামৰিক অভিযান কিছু মন্থৰ হোৱা দেখা গৈছে । কিন্তু এই যুদ্ধত ৰাসায়নিক বা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকা কৰিছে বিশ্বৰ বিভিন্ন দেশে ।
শেহতীয়াকৈ ৰাছিয়াই দাবী কৰিছিল যে ইউক্ৰেইনত ৰাসায়নিক আৰু পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষাগাৰ চলাই থকা হৈছে । ৰাছিয়াৰ অভিযোগ নস্যাৎ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । আমেৰিকাৰ মতে ৰাছিয়াই হে ইউক্ৰেইনত ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে (Russia may use chemical weapons in Ukraine)। আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে ৰাজহুৱাভাৱে সতৰ্ক কৰি দিছে যে ৰাছিয়াই ইউক্ৰেইনত ৰাসায়নিক তথা পাৰমাণিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে ।
উল্লেখ্য যে শেহতীয়াকৈ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কোনো উপযুক্ত প্ৰমাণ অবিহনে ইউক্ৰেইনৰ ভূখণ্ডত ৰাসায়নিক আৰু পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষাগাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছিল ।
ইয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে ৰাছিয়াৰ এই দাবীক অযুক্তিকৰ বুলি অভিহিত কৰে । তেওঁ কয় যে এয়া ৰাছিয়াৰ ষড়যন্ত্ৰ । ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে এনে ধৰণৰ গণধ্বংসৰ অস্ত্ৰ ব্যৱহাৰ কৰি নিজৰ আধাৰশিলা স্থাপন কৰাৰ এয়া এক প্ৰচেষ্টাৰ অংশ হ'ব পাৰে ।