ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই ইংলেণ্ডত খোপনি পুতিবলৈ এইবাৰ দেশখনৰ গৃহ সচিব প্ৰীতি পেটেলৰ কাষ চাপিল । ইংলেণ্ডত থকাৰ আন এক সুযোগ দিবলৈ গৃহ সচিবক আবেদন জনালে মালিয়াই । লণ্ডনৰ উচ্চ ন্যয়ালয়ত শুক্ৰবাৰে মালিয়াৰ অধিবক্তাই এক শুনানিৰ সময়ত এই অনুৰোধ জনাইছিল । ৬৫ বছৰীয়া মালিয়াই বেংকৰ পৰা বিলিয়ন ডলাৰৰো অধিক ধন ঋণ হিচাপে লৈ বেংকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
২০১৩ চনত কিংফিছাৰ এয়াৰলাইনছৰ ব্যৱসায় শেষ হোৱাৰ পিছতে তেওঁ এই গোচৰৰ সৈতে জড়িত পৰে । মালিয়াৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন হৈছে । অৱশ্যে জামিন লাভ কৰি বৰ্তমান মুকলি আকাশৰ তলত থকা মালিয়াৰ ভাৰতলৈ প্ৰত্যাৰ্পণ বিষয়ক আদেশত এতিয়াও গৃহ সচিব প্ৰীতি পেটেলে আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰা নাই । আনহাতে, বিজয় মালিয়াই গৃহ সচিবক ইংলেণ্ডত থকাৰ সুযোগ বিচাৰি জনোৱা আবেদনে মালিয়াই দেশখনতে আশ্ৰয় ল'ব বিচৰাতোকে সূচাইছে ।