ইন্টাৰনেশ্যনেল ডেক্স, 3 ডিচেম্বৰঃসোমবাৰে স্পেইনৰ মাদ্ৰিদত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25 ৷ উক্ত সন্মিলনখনত প্ৰতিনিধিসকলে 2015 চনৰ পেৰিচ চুক্তি বাস্তৱায়িত কৰাৰ বিষয়ে আলোচনা কৰে ৷ সন্মিলখনৰ মুখ্য উদ্দেশ্য হ’ল পেৰিচ চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ বিষয়ে আলোচনা কৰা ৷ লগতে কাৰ্বন,নিৰ্গমণ ট্ৰেডিং স্কীম তথা অন্যান্য বজাৰ পদ্ধতিত মূল্য প্ৰদান কৰি স্বেচ্ছাসেৱী আন্তৰ্জাতিক সহযোগিতাৰ প্ৰচাৰৰ পদক্ষেপ গ্ৰহণ কৰা ৷
সন্মিলনখনে জলবায়ু পৰিৱৰ্তনক প্ৰশমিত কৰাৰ প্ৰচেষ্টাই ব্যৰ্থতাৰ দুৱাৰত আহি উপস্থিত হোৱাৰ বাবেই অনুষ্ঠিত কৰা হয় ৷ নিৰ্গমণ ব্যৱধানৰ ওপৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই বিগত সপ্তাহত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দেশসমূহে সন্মিলিতভাৱেই বিশ্বব্যাপী সেউজ গৃহ গেছৰ নিৰ্গমণৰ বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ অৰ্থ এইয়ে যে, এতিয়া এই সমস্যাৰ গভীৰ তথা দ্ৰুত সমাধানৰ প্ৰয়োজন ৷