অসম

assam

ETV Bharat / international

Russia Ukraine war: আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি - আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে কাম কৰিবলৈ চুদানৰ সহকাৰী মহাসচিব আমিন আৱাদক নিযুক্তি দিয়ে (Amin Awad appointed as UN crisis coordinator for Ukraine)। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ (UNHCR) কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাম কৰাৰ অভিজ্ঞতা আছে আৱাদৰ । মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ বাবে ব্যুৰ'ৰ সঞ্চালক আৰু জৰুৰীকালীন, সুৰক্ষা আৰু যোগান বিভাগৰ সঞ্চালক হিচাপে কাম কৰিছে আৱাদে ।

Russia Ukraine war
আমিন আৱাদক ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

By

Published : Feb 26, 2022, 2:14 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী :ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত আছে (War between Russia and Ukraine)। ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে । দুয়োখন দেশৰ মাজৰ এনে পৰিৱেশে উদ্বিগ্ন কৰি তুলিছে বিশ্ববাসীক । চিন্তিত ৰাষ্ট্ৰসংঘ ।

এইবাৰ ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে কাম কৰিবলৈ চুদানৰ সহকাৰী মহাসচিব আমিন আৱাদক নিযুক্তি দিয়া হৈছে (Amin Awad appointed as UN crisis coordinator for Ukraine)। ইউক্ৰেইনৰ শেহতীয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে (UN Secretary General Antonio Guterres) আৱাদক ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি দিছে । ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাম কৰাৰ অভিজ্ঞতা আছে আৱাদৰ । তাৰ ভিতৰত মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ বাবে ব্যুৰ'ৰ সঞ্চালক আৰু জৰুৰীকালীন, সুৰক্ষা আৰু যোগান বিভাগৰ সঞ্চালক অন্যতম ।

ইফালে মানৱীয় বিষয়,কৌশলগত পদক্ষেপৰ পৰিকল্পনা আৰু বিকাশ আদি ক্ষেত্ৰত ৩০ বছৰৰো অধিক অভিজ্ঞতা আছে আৱাদৰ । বহু জটিল পৰিস্থিতিৰ মাজতো কাম কৰাৰ অভিজ্ঞতা আছে আৱাদৰ । তাৰ ভিতৰত শ্ৰীলংকাত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ প্ৰতিনিধি, ইৰাক অভিযানৰ আঞ্চলিক সমন্বয়ক আৰু উত্তৰ মেচিডোনিয়াত মানৱতাবাদী সমন্বয়ক আৰু প্ৰতিনিধি আদি প্ৰধান ।

তেওঁ মধ্য প্ৰাচ্য আৰু স্বাধীন ৰাজ্যসমূহৰ কমনৱেলথ, পূৰ্বৰ যুগোশ্লাভিয়া, দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়া আৰু আফ্ৰিকাত সেৱা আগবঢ়াইছে ।

লগতে পঢ়ক :Russia Ukraine conflict: ৰাছিয়া আৰু ইউক্ৰেইনত টুইটাৰৰ বিজ্ঞাপন প্ৰদৰ্শন বন্ধ

ABOUT THE AUTHOR

...view details