অসম

assam

ETV Bharat / international

স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ - ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বায়ুসেনা আৰু মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱাৰ পিছতে ইউক্ৰেইনে ইতিমধ্যে চুবুৰীয়া দেশখনৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিছে (Ukraine cuts all diplomatic ties with Russia) ৷ দেশখনৰ সামৰিক বাহিনীয়ে এতিয়াও যুঁজি আছে যদিও ইউক্ৰেইনৰ কৰ্তৃপক্ষই দেশ ৰক্ষা কৰিবলৈ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান জনাইছে (Ukrainian authority asks citizens to come out for defense ) ৷

ukrainian-authority-asks-citizens-to-come-out-for-defense
স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ

By

Published : Feb 25, 2022, 7:13 AM IST

ইন্টাৰনেচনেল ডেস্ক, 25 ফেব্ৰুৱাৰী :বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এগৰাকী উপদেষ্টাই সদৰি কৰিছে যে দেশখনত ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈকে প্ৰায় ৪০ জন লোক নিহত হৈছে (Ukranians killed in Russian invasion ) । ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এজন উপদেষ্টা অলেক্সি আৰেষ্টোভিচে কৈছিল যে কেইবা ডজন লোক আহত হৈছে । অৱশ্যে, তেওঁ নিৰ্দিষ্ট কৰি দিয়া নাছিল হতাহতসকলৰ ভিতৰত কোনো অসামৰিক লোক অন্তৰ্ভুক্ত আছিল নে নাই ।

ইপিনে, জেলেনস্কিয়ে দেশৰ জনসাধাৰণক উদ্দেশ্য কৰি কৈছে যে, ইউক্ৰেইনৰ কৰ্তৃপক্ষই দেশ ৰক্ষা কৰিবলৈ আগুৱাই অহা সকলক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিব ৷ ইউক্ৰেইনৰ জনসাধাৰণৰ ভৱিষ্যত প্ৰতিজন ইউক্ৰেনীয়ৰ ওপৰত নিৰ্ভৰ কৰে বুলি তেওঁ জনসাধাৰণক দেশ ৰক্ষাৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায় (Ukrainian authority asks citizens to come out for defense ) ৷

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বায়ুসেনা আৰু মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱাৰ পিছতে ইউক্ৰেইনে ইতিমধ্যে চুবুৰীয়া দেশখনৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিছে (Ukraine cuts all diplomatic ties with Russia) ৷ ইউক্ৰেইনৰ দায়িত্বশীল বিষয়া সকলে অৱগত কৰিছে যে, দেশখনৰ সামৰিক বাহিনীয়ে এতিয়াও যুঁজি আছে আৰু কিন্তু শত্ৰুপক্ষক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকক প্ৰতিৰক্ষা সহায়ৰ প্ৰয়োজন আছে ।

ইপিনে, শেষ নিশা অহা খবৰ অনুসৰি ইউক্ৰেইনৰ স্বাস্থ্যমন্ত্ৰী ওলেহ লিয়াস্কোৱে সদৰি কৰিছে যে, ইতিমধ্যে ৫৭ জন লোক নিহত হোৱাৰ বিপৰীতে ১৬৯ জন লোক আহত হৈছে ।

Russia Ukraine crisis: ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীক অনাৰ ব্যৱস্থা কৰিব সাংসদ পল্লব লোচন দাসে

ABOUT THE AUTHOR

...view details