অসম

assam

ETV Bharat / international

ৰাছিয়াৰ সামৰিক বিমান ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ সামৰিক বাহিনীৰ - ৰাছিয়াৰ সামৰিক বিমানলৈ গুলীবৰ্ষণ

পেৰাট্ৰুপাৰ সহিতে ৰাছিয়াৰ এখন সামৰিক বিমানলৈ গুলীবৰ্ষণ কৰি বিমানখন ধ্বংস কৰাৰ দাবী কৰিছে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে (Ukraine says it has shot down military plane) ৷ ৰাছিয়াৰ আক্ৰমণৰ বাবেই এতিয়া সুৰক্ষাৰ সন্ধানত চুবুৰীয়া দেশসমূহত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ ইউক্ৰেনীয় লোকে ৷

ukraine-says-it-has-shot-down-military-plane
ৰাছিয়াৰ সামৰিক বিমান ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ সামৰিক বাহিনীৰ

By

Published : Feb 26, 2022, 7:37 AM IST

ইন্টাৰনেচনেল ডেস্ক, 26 ফেব্ৰুৱাৰী :শেহতীয়াকৈ অহা খবৰ অনুসৰি, ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰিছে যে তেওঁলোকে পেৰাট্ৰুপাৰ সহিতে ৰাছিয়াৰ এখন সামৰিক বিমানলৈ গুলীবৰ্ষণ কৰি বিমানখন ধ্বংস কৰিবলৈ সক্ষম হৈছে (Ukraine says it has shot down military plane) । সামৰিক বাহিনীৰ জেনেৰেল ষ্টাফৰ এক বিবৃতি অনুসৰি, আইএল-৭৬ নামৰ এই গধুৰ বিমানখন কিয়েভৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণে থকা ভাচিলকিভ চহৰৰ ওচৰত ধ্বংস কৰা হৈছিল । অৱশ্যে, ৰাছিয়াৰ সামৰিক বাহিনীয়ে এতিয়ালৈকে এই ঘটনাটোৰ ওপৰত কোনো মন্তব্য কৰা নাই ৷

ইপিনে, ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী আৰু অন্যান্য চহৰসমূহক কৰা দ্বিতীয় দিনৰ বিমান আক্ৰমণৰ লগে লগে সুৰক্ষাৰ সন্ধানত পশ্চিমে চুবুৰীয়া দেশসমূহত হাজাৰ হাজাৰ ইউক্ৰেনীয় লোকে প্ৰৱেশ কৰিছে (Ukrainians have crossed into neighboring countries searching safety)। উল্লেখ্য যে, বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে যুদ্ধৰ বাবে উপযুক্ত বয়সৰ পুৰুষসকলক দেশ এৰি যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল (Ukrainian Men of military age can't leave Ukraine) ৷

ইয়াৰ পিছত এতিয়া দেশ এৰি সুৰক্ষাৰ সন্ধান কৰা লোকসকলৰ বেছিভাগেই আছিল মহিলা, শিশু আৰু বৃদ্ধ । সীমান্তলৈ যোৱাৰ আগতে কেনেকৈ পুৰুষসকলক ইউক্ৰেইনত ৰেলৰ পৰা টানি লৈ যোৱা হৈছিল সেই বিষয়ে বৰ্ণনা কৰি কান্দোনত ভাগি পৰা দেখা গৈছিল ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা পোলেণ্ডৰ প্ৰজেমচিলত উপস্থিত হোৱা এগৰাকী মহিলাক ।

লগতে পঢ়ক :Russia Ukraine war: যুদ্ধৰ মাজতে ইউক্ৰেইন সেনালৈ অৰ্থ সাহাৰ্য

ABOUT THE AUTHOR

...view details