ইন্টাৰনেশ্যনেল ডেস্ক, ১৫ মাৰ্চ: ক’ভিড-19 সম্পৰ্কীয় আন্তঃজাৰ্তিক ভ্ৰমণৰ সকলো বাধ্যবাধকতা উঠাই ল'ব UK চৰকাৰে(UK to lift all remaining COVID-19 international travel rules) । য'ত পূৰ্বতে দেশখনত প্ৰৱেশ কৰাৰ আগতে যাত্ৰীসকলে বাধ্যতামূলক যাত্ৰী লোকেটৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাধ্যতামূলক আছিল ।
শুকুৰবাৰে GMTৰ পুৱা ৪ বজাৰ পৰা UK ভ্ৰমণ কৰিবলৈ টীকাকৰণৰ নথি নাথাকিলেও PCR Test কৰাৰ প্ৰয়োজন নহ'ব । ইয়াৰ বিপৰীতে যাত্ৰীসকলে প্ৰস্থানৰ দুদিন পূৰ্বে আৰু আগমনৰ দুদিন পাছত এটা পৰীক্ষা কৰাৰ বাদে বাকী নিয়মসমূহ উঠাই লোৱা হ'ব ।
UKয়ে COVID-19 সম্পৰ্কীয় ভ্ৰমণৰ সীমাবদ্ধতা আঁতৰোৱাৰ বাবে সমগ্ৰ বিশ্বৰ সৈতে বাৰ্তালাপ কৰিছে । UKৰ পৰিবহণ সচিব গ্ৰাণ্ট শ্বাপ্ছে(UK Transport Secretary Grant Shapps) কয় যে তেওঁলোকে প্ৰয়োজনতকৈ বেছি সময় ভ্ৰমণৰ ব্যৱস্থা নাৰাখিব আৰু ইষ্টাৰ বন্ধৰ পূৰ্বে ভ্ৰমণকাৰী সকলক স্বাগতম জনাই অধিক স্বাধীনতা দিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অব্যাহত ৰখাৰ বাবে সমগ্ৰ বিশ্বৰ ভ্ৰমণ খণ্ড আৰু আংশীদাৰ সকলৰ সৈতে কাম অব্যাহত ৰাখিবলৈ আশাবাদী বুলিও জনাই সচিবগৰাকীয়ে ।
'ইষ্টাৰ বন্ধ' UK ত এপ্ৰিল মাহত এক জনপ্ৰিয় সময় । সেয়ে ভ্ৰমণকাৰী পৰিয়ালসমূহে যাতে কষ্টৰ সন্মুখীন নহয়, তাৰ বাবে এই পৰিৱৰ্তন কৰা হৈছে । লগতে সচিবগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ বিশ্বই COVID-19ৰ সৈতে থাকিবলৈ শিকাৰ লগে লগে 'ইষ্টাৰ বন্ধ'ৰ আগতে পুনৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ মুকলি কৰাৰ পৃষ্ঠপোষকতা কৰা হৈছে ।
UKৰ স্বাস্থ্য সচিব চাজিদ জাভিদে(UK Health Secretary Sajid Javid) কয় যে সাম্ভাব্য নতুন প্ৰকাৰবোৰ নিৰীক্ষণ আৰু অনুসৰণ কৰা অব্যাহত থাকিব আৰু সকলোকে সুৰক্ষিত ৰখাৰ বাবে প্ৰয়োজন হ'লে দ্ৰুতগতিত নিয়োজিত কৰিব পৰা ব্যৱস্থাৰ এক সংৰক্ষণ ৰাখিব । লগতে উল্লেখ কৰে যে টীকাকৰণৰ অবিশ্বাস্য সফলতাৰ বাবেই এই চুড়ান্ত সীমাবদ্ধতাবোৰ আঁতৰাবলৈ সক্ষম হৈছে ।
চৰকাৰী পৰিসংখ্য়া অনুযায়ী UKৰ ৮৬% জনতাই COVID-19 দ্বিতীয় পালি টীকা গ্ৰহণ কৰিছে, ৬৭% জনতাই তৃতীয় টপ-আপ বুষ্টাৰ ড'জ গ্ৰহণ কৰিছে । বিষয়াসকলৰ মতে ভৱিষ্যতে COVID-19 ৰোধৰ ক্ষেত্ৰত ডিফল্ট পদ্ধতি গ্ৰহণ কৰা হ'ব আৰু ভৱিষ্যতে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলেও প্ৰতিৰোধ কৰিব পৰা যাব । পৰিস্থিতি অনুযায়ী আকস্মিক ব্যৱস্থাবোৰ গ্ৰহণ কৰা হ'ব যদিও ভ্ৰমণৰ ওপৰত যিমান সম্ভৱ প্ৰভাৱ হ্ৰাস কৰা হ'ব । বাকী থকা সকলো বাধ্যবাধকতা মাৰ্চ মাহৰ শেষৰ ফালে আঁতৰোৱা হ'ব ।
এই সিদ্ধান্তই সমগ্ৰ বিশ্বত UK লৈ পূৰ্বৰ ভ্ৰমণ খণ্ড যে ঘূৰি অহাৰ এক বাৰ্তা বিয়পাইছে বুলি মন্তব্য কৰে এয়াৰলাইনছ ইউকেৰ মুখ্য কাৰ্যবাহী টিম এল্ডাৰস্লেডে(Tim Alderslade, Chief Executive of Airlines UK) । ইউকেলৈ উভতি অহা যাত্ৰীসকল অপ্ৰয়োজনীয় প্ৰপত্ৰ আৰু পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা ভাৰাক্ৰান্ত নহয় আৰু এতিয়া সমগ্ৰ ভ্ৰমণ অভিজ্ঞতাত প্ৰাক-কোভিড স্বাভাৱিকতালৈ ঘূৰি অহাৰ বাবে অপেক্ষা কৰিব পাৰি বুলিও উল্লেখ কৰে ।
ইষ্টাৰ বন্ধ আৰু গ্ৰীস্মকালত যাত্ৰীসকলক স্বাগতম জনোৱাৰ সময়ত লোৱা এই সিদ্ধান্তৰ বাবে চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে টিম এল্ডাৰস্লেডে । লগতে টিম এল্ডাৰস্লেডে ইয়াৰ ফলত যথেষ্ট চাহিদা আছে বুলি উল্লেখ কৰি সকলো যাত্ৰীকে UK ভ্ৰমণ কৰি উপভোগ কৰিবৰ বাবেও আহ্বান জনাই ।
লগতে পঢ়ক:Barack Obama tests positive for COVID-19 : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দেহত ক’ভিড 19