নিউজ ডেস্ক,8 এপ্ৰিলঃ COVID-19ৰ দৰে বিশ্ব ত্ৰাস সৃষ্টি কৰা মহামাৰীৰ সৈতে যুঁজ দিবৰ বাবে ব্ৰিটেইন চৰকাৰে 100ৰো অধিক ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অধীনৰ চিকিৎসালয়ত 16.48 বিলিয়ন মাৰ্কিন ডলাৰ ঋণ মাফ কৰিছে ৷
এই পেকেজৰ উদ্দেশ্য ভাইৰাছৰ লগত যুঁজ দিবৰ বাবে চিকিৎসালয় সমূহত বিত্তীয় সহাৰ্য প্ৰদান কৰা ৷ ইংলেণ্ডৰ স্বাস্থ্য সচিব মেট হেংককে 2 এপ্ৰিলত ঘোষণা কৰে এই কথা ৷
তেওঁ কয় ,"এই পেকেজৰ যোগেদি চিকিৎসালয় সমূহত COVID-19ৰ সৈতে যুঁজ দিবৰ বাবে জৰুৰীকালিন সেৱাসমূহ চলাই নিবৰ বাবে আৱশ্যক ধন লাভ কৰিব চৰকাৰৰ পৰা ৷ কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে যি প্ৰয়োজন তাকে কৰিবলৈ মই প্ৰতিশ্ৰুতিৱদ্ধ ৷ এই পেকেজটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাক জৰুৰী পৰিকল্পনা আৰু তাক তাৎক্ষণিক কাৰ্যকৰী কৰাৰ বাবে আৰ্থিক সুনিশ্চয়তা প্ৰদান কৰিব ৷ "