ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী :ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । তৃতীয় দিনাও ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে টুইটাৰ কতৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা । ইউক্ৰেইন আৰু ৰাছিয়াত টুইটাৰে বন্ধ কৰিলে বিজ্ঞাপনৰ প্ৰদৰ্শন (Twitter suspends advertisements in Russia and Ukraine)।
টুইটাৰে প্ৰকাশ কৰিছে এই কথা । মানুহৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে টুইটাৰ কতৃপক্ষই গ্ৰহণ কৰিছে এই পদক্ষেপ । বিজ্ঞাপনবোৰৰ বাবে যাতে ব্যৱহাৰকাৰীসকল গুৰুত্বপূৰ্ণ তথ্য লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে কতৃপক্ষই ।