অসম

assam

ETV Bharat / international

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসে আটাইতকৈ শংকিত কৰিছে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰপতিক - বিশ্বব্যাপি এক সন্ত্ৰাসৰ কাৰক হৈ পৰিছে Covid-19

বিগত সপ্তাহত ব্ৰাজিলৰ অধিকাৰী সৈতে মিলত হৈছিল ট্ৰাম্প ৷ যাৰ পাচতেই ব্ৰাজিলৰ অধিকাৰীগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ কৰ’ণা ভাইৰাছ তথা Covid-19 ক লৈ শংকিত হৈ পৰিছে বিশ্বৰ শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷

Trump says he will most likely be tested for coronavirus
কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসে আটাইতকৈ শংকিত কৰিছে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰপতিক

By

Published : Mar 14, 2020, 1:43 PM IST

নিউজ ডেস্ক, 14 মাৰ্চ: বিশ্বব্যাপি এক সন্ত্ৰাসৰ কাৰক হৈ পৰিছে Covid-19 ৷ কৰ’ণা ভাইৰাছৰ আতংকই এতিয়া শংকিত কৰিছে বিশ্বৰ শক্তিশালী দেশৰ ৰাষ্ট্ৰপতিক ৷ কৰ’ণা ভাইৰাছৰ সৰ্বাধিক পৰীক্ষা কৰিছো বুলি উল্লেখ কৰিলে স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

কৰ’ণা ভাইৰাছ তথা Covid-19 ক লৈ শংকিত হৈ পৰিছে বিশ্বৰ শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ শেহতীয়াকৈ এক মন্তব্য দি ট্ৰাম্পে কয়, মই কৰ’ণা ভাইৰাছৰ সৰ্বাধিক পৰীক্ষা কৰিছো ৷ বৰ্তমানলৈকে তেওঁৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই ৷ হুৱাইট হাউছৰ ৰ’জ গাৰ্ডেনত এক সংবাদমেলত এই কথা সদৰি কৰে ট্ৰাম্পে ৷

উল্লেখ্য যে, বিগত সপ্তাহত ব্ৰাজিলৰ অধিকাৰী সৈতে মিলত হৈছিল ট্ৰাম্প ৷ যাৰ পাচতেই ব্ৰাজিলৰ অধিকাৰীগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ ট্ৰাম্পে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বোল্ছনৰো আৰু সম্প্ৰচাৰৰ প্ৰমুখ ফেবিঅ’ ৱাজেনগাৰ্টনৰ সৈতে মিলিত হৈছিল ৷ য’ত পৰীক্ষণত ৱাজেনগাৰ্টনৰ দেহত ধনাত্মক পোৱাৰ বিপৰীতে বোল্ছনৰো দেহত ঋণাত্মক পোৱা যায় ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,অতি সোনকালেই পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ ওপৰত চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ ট্ৰাম্পৰ স্বাস্থ্য বৰ্তমান উৎকৃষ্ট হৈ আছে ৷ তেওঁক চিকিৎসকৰ দ্বাৰা পৰ্যেবক্ষণ কৰি থকা হৈছে ৷

হুৱাইট হাউছ মেডিকেল ইউনিট আৰু ইউনাইটেড ষ্টেট চিক্ৰেট ছাৰ্ভিছে যুটিয়াকৈ সকলো সংস্থাৰ সৈতে আমেৰিকাৰ প্ৰথম আৰু দ্বিতীয় পৰিয়াল আৰু হুৱাইট হাউছৰ কৰ্মচাৰীৰ স্বাস্থ্য সুস্থ ৰখাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখাৰ লগতে ইয়াৰ ওপৰত কাম কৰি আছে ৷

ABOUT THE AUTHOR

...view details