অসম

assam

ETV Bharat / international

'Tinker Tailor Soldier Spy' স্ৰষ্টা জন লী কেৰীৰ মৃত্যু - মনুমেন্টটেল বডী অফ ৱৰ্ক

বিগত ছটা দশক ধৰি জন লী কেৰীয়ে বেষ্ট ছেলাৰ কিতাপৰ তালিকাত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হোৱাৰ লগতে সমালোচকৰ পেজতো জনপ্ৰিয়তা অৰ্জন কৰিছিল মনুমেন্টটেল বডী অৱ ৱৰ্কত ৷

script Writter John le Carri is no more
script Writter John le Carri is no more

By

Published : Dec 14, 2020, 4:06 PM IST

লণ্ডন, ১৪ ডিচেম্বৰ :টিংকাৰ টেইলৰ ছ'লজাৰ স্পাই নামৰ হলিউডৰ জনপ্ৰিয় চিনেমাখনৰ লেখক তথা ক'ল্ড ৱাৰ থ্ৰীলাৰৰ বাহে পৰিচিত জন লী কেৰীৰ ৮৯ বছৰ বয়সত শনিবাৰে ইংলেণ্ডৰ কৰ্ণৱালত মৃত্যু ঘটে ৷

দেওবাৰে জনপ্ৰিয় চিত্ৰনাট্যকাৰ গৰাকীৰ মৃত্যুৰ কথা সদৰী কৰে তেখেতৰ দ্বাৰা স্থাপিত সাহিত্য পৰিষদে ৷ এই বাতৰি প্ৰকাশ পায় ব্ৰাউন গ্ৰুপছৰ নিউইয়ৰ্ক টাইমছৰ বাতৰিত ৷

এইয়া আমাৰ বাবে দুখৰ খবৰ যে, দীৰ্ঘদিন ধৰি নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ থকা জন লী কেৰী নামেৰে পৰিচিত জনপ্ৰিয় চিত্ৰনাট্যকাৰ ডেভিড কৰ্নৱেলৰ শনিবাৰে বিয়লি মৃত্যু ঘটে ৷ ৮৯ বছৰত দেহাৱসান ঘটা ডেভিড কৰ্ণৱেলে মৃত্যুৰ সময়ত চাৰিজন পুত্ৰ আৰু পত্নীক এৰি থৈ যায় ইহ সংসাৰত ৷ কাৰ্টিছ ব্ৰাউন গ্ৰুপে প্ৰকাশ কৰা এক তথ্যত এই কথা উল্লেখ কৰে ৷

বিগত ছটা দশক ধৰি জন লী কেৰীয়ে বেষ্ট ছেলাৰ কিতাপৰ তালিকাত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হোৱাৰ লগতে সমালোচকৰ পেজতো জনপ্ৰিয়তা অৰ্জন কৰিছিল মনুমেন্টটেল বডী অফ ৱৰ্কত ৷ নাটকীয় ভাৱে বিশ্ব প্ৰেক্ষাপটত উপন্যাসৰ জগত খনত প্ৰৱেশ কৰে জন লী কেৰীয়ে তেখেতৰ তৃতীয় খন উপন্যাসৰ জৰিয়তে ১৯৬৩ চনত ৷ The Spy Who Came in from the Cold আৰু The Public Revelationৰ লগতে ব্ৰিটিছ গুপ্তচৰ সংস্থাৰ সৈতেও তেওঁ কাম কৰিছিল ৷

লিখা মেলাতে জীৱনটো অৰ্পণ কৰা জন লী কেৰীয়ে শীতল যুদ্ধৰ সময়ছোৱাত সাহিত্য জগতত প্ৰৱেশ কৰি বিভিন্ন চৰিত্ৰ বিশেষকৈ জৰ্জ আৰু স্মাইলী, কবিতা, গল্প আদিৰ জৰিয়তে বিশেষ সমাদৰ লাভ কৰিছিল সেই সময়ত ৷ জনপ্ৰিয় সাহিত্যিক গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে লণ্ডনত ৷

লগতে পঢ়ক :ছৌদিৰ শীৰ্ষ সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত জেন. নাৰাভানে

ABOUT THE AUTHOR

...view details