ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ :শেহতীয়াকৈ চুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ছ'চিয়েল ডেমক্ৰেট নেত্ৰী মাগদালেনা এণ্ডাৰ্ছন । কিন্তু ইয়াৰ পাছতে সংখ্যালঘু মিত্ৰজোঁট তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত পদত্যাগ পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বুধবাৰে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ কেইঘণ্টামান পিছতে পদত্যাগ কৰিবলৈ বাধ্য হয়(Swedens first female PM resigns) ।
চৰকাৰে সংসদত বাজেট উত্থাপন কৰিছিল যদিও সংসদে বিৰোধীৰ বাজেট প্ৰস্তাৱ গৃহীত কৰে ৷ লগতে এণ্ডাৰ্ছনৰ মিত্ৰজোঁটৰ অংশীদাৰ গ্ৰীণ পাৰ্টীয়ে ইয়াক সমৰ্থন কৰে । লগে লগে গ্ৰীণ পাৰ্টীয়ে শাসকীয় দলৰ সমৰ্থন উঠাই লোৱাৰ সিদ্ধান্ত লয় । যাৰ ফলত এণ্ডাৰ্ছনে পদত্যাগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে বাওঁপন্থী দলৰ সৈতে তেওঁ চুক্তি সম্পন্ন কৰে । বাওঁপন্থী দলে তেওঁক সমৰ্থন কৰাৰ বিনিময়ত প্ৰায় ৭,০০,০০০ দৰিদ্ৰ পেঞ্চনাৰৰ বাবে পেঞ্চন বৃদ্ধিৰ দাবী জনাইছিল ।