নিউজ ডেস্ক, ২৪ জুনঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ইউৰোপৰ লুকোমিৰ ১,৫০০ উচ্চতাত থকা গাঁওখন সুৰক্ষিত বুলি দাবী জনাই এজন বাসিন্দাই ।
কৰ'ণা মুক্ত ইউৰোপৰ লুকোমিৰ নামৰ ১,৫০০ উচ্চতাত থকা এখন গাঁও - ইউৰোপ
ব্ৰোচনিয়াৰ লুকোমিৰ নামৰ ১,৫০০ ফুট উচ্চতাত থকা এখন গাঁও কৰ'ণা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে মুক্ত তথা তাত কোনো লোকে মাস্ক পৰিধাণ নকৰাকৈ স্বাধীনভাৱে ঘূৰিব পাৰে বুলি মন্তব্য কৰে গাঁৱখনৰ এজন বৰ্ষীয়ান ব্যক্তিয়ে ।
![কৰ'ণা মুক্ত ইউৰোপৰ লুকোমিৰ নামৰ ১,৫০০ উচ্চতাত থকা এখন গাঁও ইউৰোপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7745788-388-7745788-1592970638348.jpg)
কৰ'ণা মুক্ত ইউৰোপৰ লুকোমিৰ নামৰ ১,৫০০ উচ্চতাত থকা এখন গাঁও
লুকোমিৰৰ পুৰণি গাঁও হিচাপে চিহ্নিত এই অঞ্চলত থকা শিলৰ ঘৰ আৰু জুপুৰীত থাকিবলৈ প্ৰেত্যেক বছৰে যায় বুলি সদৰি কৰে লুকোমিৰৰ বাসিন্দাজনে । লগতে সেই অঞ্চলৰ বাসিন্দাসকলে হস্তিনিৰ্মিণ কাপোৰ পৰিধান কৰে বুলিও সদৰি কৰে ।
৮৩ বছৰীয়া স্থানীয় বাসিন্দা বেজিল কোমোৰে কয় যে, ইয়াত কোনো ধৰণৰ কৰ'ণা ভাইৰাছ নাই । আমি মাস্ক পৰিধান নকৰাকৈ তথা সম্পূৰ্ণ স্বাধীনভাৱে চলো । যুদ্ধ তথা অন্য সংকটৰ সময়ত এই ঠাইডোখৰ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে । ইয়াত অন্য কোনো লোকে তথা অন্য কোনো বিপদে চুব নোৱাৰে । এয়া সম্পূৰ্ণ বিপদ মুক্ত ।