নিউজ ডেস্ক, 26 অক্টোবৰ :কোভিড-19 মহামাৰীক লৈ ভাৰতবৰ্ষত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে অৱস্থাত এই মহামাৰীক আওকান কৰাসকল সাৱধান ৷ যিসময়ত ভাৰতবৰ্ষৰ লোকসকলে কোভিড আঁতৰি যোৱা বুলি ভাবিছে তেনে সময়তে এখন দেশে বৰ্তমান কোভিডক লৈ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ ইয়াৰ অৰ্থ হৈছে এই মহামাৰীৰ প্ৰকোপ এতিয়াও বিশ্বৰ পৰা আঁতৰি যোৱা নাই ৷
কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ পৰা বাছিবলৈ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা এইখন দেশ হৈছে স্পেইন ৷ দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' চানছেজে দেশখনত কোভিড-19ৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ বিষয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি, ৰাতি 23:00 বজাৰ পৰা ৰাতিপুৱা 06:00 বজালৈ সমগ্ৰ স্পেইনতে এই আইন বলৱৎ হৈ থাকিব ৷ দেওবাৰে মাদ্ৰিদত এই কথা প্ৰকাশ কৰি তৎকালীনভাৱে দেশখনত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ কোভিড-19ৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ দেশখনে ভ্ৰমণকে আদি কৰি ৰাজহুৱা স্থানকে ধৰি ধৰ্মীয়,সামাজিক,সাংস্কৃতিক,শৈক্ষিক সকলো প্ৰতিষ্ঠানো বন্ধ কৰি দিছে ৷