কোভিড-19 : স্পেইনত 24 ঘন্টাত অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু - অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু
স্পেইনত বৰ্তমান সময়লৈকে 78,797 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আনহাতে এদিনতে দেশখনত নিহত হৈছে 838 গৰাকী লোক ৷
![কোভিড-19 : স্পেইনত 24 ঘন্টাত অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু স্পেইনত 24 ঘন্টাত অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6585841-thumbnail-3x2-0.jpg)
স্পেইনত 24 ঘন্টাত অভিলেখসংখ্যক 838 গৰাকীৰ মৃত্যু
নিউজ ডেস্ক, 29 মাৰ্চ : স্পেইনত কোভিড-19ত আক্ৰান্ত হৈ বিগত 24 ঘন্টাত নিহত হৈছে 838 গৰাকী লোক ৷ বৰ্তমানলৈ দেশখনত 6,528 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা ৷ বৰ্তমানলৈ স্পেইনত 78,797 গৰাকী লোক কৰ'ণাৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ দেশখনৰ বাৰবন-পাৰ্মাৰ স্পেনিছ ৰাজকুমাৰী মাৰিয়া টেৰেছাই কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷