ইণ্টাৰনেশ্যনেল ডেস্ক , 20 ছেপ্টেম্বৰ :ৰাছিয়াৰ পাৰ্ম চহৰৰ এখন বিশ্ববিদ্যালয়ত সোমবাৰে সংঘটিত এক গুলীচালনাৰ ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে ছয়জন লোক আহত হৈছে ৷ ৰাছিয়াৰ অনুসন্ধান সমিতি(Russia's Investigative Committee)য়ে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱা ৰাছিয়াৰ পাৰ্ম চহৰৰ এখন বিশ্ববিদ্যালয়(university in the Russian city of Perm)ত কোনো অচিনাক্ত বন্দুকধাৰীয়ে এই ঘটনা সংঘটিত কৰে ৷
ঘটনাটোৰ ফলত বৰ্তমানলৈকে ছয়জন লোক আহত হোৱাৰ তথ্য পোৱা গৈছে যদিও পাৰ্মৰ স্বাস্থ্য মন্ত্ৰণালয়ে(Health Ministry of the Perm region) 14 জন লোক আহত হোৱা বুলি জানিবলৈ দিছে ৷
Perm State University press serviceৰ মতে অচিনাক্ত দুৰ্বৃত্তটোৱে এটা non-lethal বন্দুক ব্যৱহাৰ কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলে নিজকে এটা কোঠাত বন্দী কৰিছিল আৰু যিসকলৰ বাবে সম্ভৱ হয়, তেওঁলোকক বিশ্ববিদ্যালয় প্ৰাংগন ততালিকে ত্যাগ কৰাৰ আহ্বান জনাইছিল ৷