অসম

assam

কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰাছিয়াৰ সাংস্কৃতিক মন্ত্ৰী

By

Published : May 6, 2020, 8:57 PM IST

প্ৰধানমন্ত্ৰী মিখাইল মিশ্বুছটিন আৰু নিৰ্মাণ মন্ত্ৰী ভ্লাডিমিৰ য়াকুছেভৰ পাছত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰাছিয়াৰ সাংস্কৃতিক মন্ত্ৰী ৷ অ'লগা লিউবিমভ আক্ৰান্ত হোৱা বুলি তেওঁৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া হৈছে ৷

অ'লগা লিউবিমভ
কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰাছিয়াৰ সাংস্কৃতিক মন্ত্ৰী

ইন্টাৰনেশ্যনেল ডেস্ক, 6 মে' : কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৰাছিয়াৰ সাংস্কৃতিক মন্ত্ৰী অ'লগা লিউবিমভ ৷ তেওঁৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, অ'লগাৰ দেহত সাধাৰণ লক্ষণ দেখা পোৱা গৈছিল সেয়েহে তেওঁ ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছিল ৷ এই সময়ছোৱাত তেওঁ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাৰ্যালয়ৰ সৈতে সম্পৰ্ক ৰাখিছিল বুলি কাৰ্যালয়ৰ পৰা তথ্য প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মিখাইল মিশ্বুছটিন আৰু নিৰ্মাণ মন্ত্ৰী ভ্লাডিমিৰ য়াকুছেভৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ বাতৰি প্ৰকাশ পাইছিল ৷ কিন্তু, কোনো আক্ৰান্তৰ সংস্পৰ্শলৈ প্ৰধানমন্ত্ৰী গৰাকী আহিছিল নেকি সেই সম্পৰ্কত এতিয়াও নিশ্চিতি লাভ কৰা নাই ৷ এই ৰোগৰ আৰম্ভণিৰ পৰাই ৰাছিয়ান নেতাগৰাকীয়ে সীমিত সংখ্য়ক বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেই কাৰ্যালয়ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷

ABOUT THE AUTHOR

...view details