ইন্টাৰনেশ্বনেল ডেস্ক, 15 ফেব্ৰুৱাৰী :ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সোমবাৰে তেওঁৰ ফেচবুক পোষ্টত ১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ (Russian invasion on February 16) কথা উল্লেখ কৰিছে (Ukrainian President Zelensky in FB post) । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ মাজত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এই পোষ্টতো সমুখলৈ আহিছে । ফেচবুকত পোষ্ট যোগে তেওঁ তেওঁৰ ৰাষ্ট্ৰবাসীক সম্বোধন কৰি কয়, " আমাক জনোৱা হৈছে যে, ১৬ ফেব্ৰুৱাৰীৰ দিনটো আক্ৰমণৰ দিন হ'ব " ।
ইয়াৰোপৰি জেলেনস্কিয়ে লিখিছিল যে ইউক্ৰেইনত বুধবাৰে একতা দিৱস অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে৷ তথ্য অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ১,০০,০০০ তকৈও অধিক সৈন্য মোতায়েন কৰিছে । এই ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ মাজত উদ্বেগ সৃষ্টি কৰিছে যে ৰাছিয়াই সামৰিক অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে ।