অসম

assam

ETV Bharat / international

Russian Ukraine war: ৰাছিয়াৰ সেনাৰ দখলত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্প - ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে (Russia Ukraine crisis ) । ৰাছিয়া সেনাই ইউক্ৰেইনৰ বিমানঘাটি, সেনাৰ ঘাটি আদিত আক্ৰমণ কৰিছে । ৰাজধানী কিয়েভৰ পৰা মাত্ৰ ৬০ মাইল উত্তৰত অৱস্থিত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্পও নিজৰ দখললৈ নিছে ৰাছিয়া সেনা বাহিনীয়ে (Russian army captures Chernobyl nuclear power plant) । শেহতীয়া পৰিস্থিতিকলৈ সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ পৰিছে ।

Russian Ukraine war
ৰাছিয়া সেনাৰ দখলত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্প

By

Published : Feb 25, 2022, 11:17 AM IST

Updated : Feb 25, 2022, 11:31 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী :ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত অব্যাহত আছে (Russia Ukraine clash)। ইতিমধ্যে ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ বিভিন্ন স্থানত আক্ৰমণ আৰম্ভ কৰিছে । বহু অঞ্চল ৰাছিয়াই দখল কৰাৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ । আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৰাছিয়াৰ সেনা বাহিনীয়ে চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্প (Chernobyl nuclear power plant) দখল কৰিছে (Russian army captures Chernobyl nuclear power plant)।

ইয়াৰোপৰি ইউক্ৰেইনে দাবী কৰা মতে ইউৰোপত ৰেডিয়েচন লিক হোৱাৰ আশংকা কৰিছে । প্ৰতিবেদনত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ এটা ভিডিঅ' প্ৰকাশ পাইছে । ৰাজধানী কিয়েভৰ পৰা মাত্ৰ ৬০ মাইল উত্তৰত অৱস্থিত এই প্ৰকল্পৰ সন্মুখত ৰাছিয়াৰ টেংক আৰু সেনাৰ সজ্জিত বাহনসমূহ দেখা গৈছে ভিডিঅ'টোত ।

নাটোৰ (NATO) সদস্য তুৰ্কীয়ে উল্লেখ কৰা মতে ইউক্ৰেইনত চলা এই আক্ৰমণ দ্ৰুতগতিত বাঢ়িছে আৰু ইউৰোপৰ আন ৰাজ্যসমূহলৈও বিয়পি পৰাৰ সম্ভাৱনা আছে । ইফালে কিয়েভ প্ৰশাসনে সাধাৰণ লোকসকলক সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনাইছে । ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানীত আক্ৰমণ কৰিবলৈ লোৱাৰ মাজতে কাৰফিউ ঘোষণা কৰা হৈছে । ইতিমধ্যে ইউক্ৰেইনৰ মুখ্য বিমানক্ষেত্ৰত ৰাছিয়াই আক্ৰমণ কৰিছে ।

বৃহস্পতিবাৰে ৰাছিয়াৰ সেনা বাহিনীয়ে হেলিকপ্টাৰ আৰু যুদ্ধ বিমানত আক্ৰমণ কৰিছে । ৰাজধানী চহৰৰ এক সূত্ৰই জনোৱা মতে ৰাছিয়াই চহৰখনত আক্ৰমণৰ চেষ্টা চলাইছে । সেয়ে প্ৰশাসনে সকলোকে সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ আহ্বান জনাইছে ।

কতৃপক্ষই জনোৱা মতে এখন চিকিৎসালয়ত আক্ৰমণ কৰাৰ সময়ত চাৰিজন লোক নিহত হৈছে । ইফালে ইউক্ৰেইনৰ সেনাইয়ো দেশখনৰ প্ৰায় প্ৰতিটো অঞ্চলতে ৰাছিয়াৰ সেনা বাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Russia-Ukraine crisis : ভাৰতৰ স্থিতি বিচাৰি যোগাযোগ অব্যাহত ৰাখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

Last Updated : Feb 25, 2022, 11:31 AM IST

ABOUT THE AUTHOR

...view details