মস্কো, 7 আগষ্ট : কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক লৈ আহিছে ডাঙৰ খবৰ ৷ এইবাৰ কৰ‘ণাৰ ভেকচিন 10- 12 আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ‘ব বুলি দাবী কৰিছে ৰাছিয়াই ৷ শুকুৰবাৰে ৰাছিয়াই ঘোষণা কৰে এই কথা ৷ এয়া হ'ব বিশ্বৰ সৰ্বপ্ৰথম কৰ‘ণাৰ প্ৰতিষেধক ৷
মস্কোই স্পুটনিকৰ ( পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ) দৰে প্ৰচাৰিত বিজয় লাভৰ চিন্তা কৰিছে ৷
প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায়োগিক ক'ভিড-19 প্ৰতিষেধকৰ মানৱ শৰীৰৰ পৰীক্ষণ প্ৰায় দুমাহ পূৰ্বে আৰম্ভ হৈছিল আৰু প্ৰতিষেধক বনোৱাৰ বৈশ্যিক প্ৰক্ৰিয়াত ৰাছিয়াৰ এই কৰ‘ণা প্ৰতিষেধক প্ৰস্তুতৰ দাবীক সমৰ্থন জনাবলৈ কোনো ধৰণৰ বৈজ্ঞানিক ভাষ্য প্ৰকাশিত হোৱা নাই ৷