অসম

assam

ETV Bharat / international

বিশ্বৰ প্ৰথমটো COVID-19 প্ৰতিষেধকৰ অনুমোদন জনাব ৰাছিয়াই - বিশ্বৰ প্ৰথমটো COVID-19 প্ৰতিষেধক

তথ্য অনুসৰি, ৰাছিয়াৰ প্ৰতিষেধকে এতিয়াও দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু বিশ্বৰ বিভিন্ন স্থানৰ বহুকেইটা প্ৰতিষেধকে ইতিমধ্যেই তৃতীয় পৰ্যায়ৰ পৰীক্ষণত আছে ৷

COVID-19 প্ৰতিষেধক
বিশ্বৰ প্ৰথমটো COVID-19 প্ৰতিষেধকৰ অনুমোদন জনাব ৰাছিয়াই

By

Published : Jul 30, 2020, 1:32 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 30 জুলাই :কৰ'ণা ভাইৰাছ মহামাৰীৰ সৈতে বিশ্বৰ বহুসংখ্যক দেশে যুদ্ধ অব্যাহত ৰখাৰ সময়তে COVID-19 প্ৰতিষেধক অনুমোদনৰ ক্ষেত্ৰত ৰাছিয়া বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হোৱাৰ পৰিকল্পনা হাতত লৈছে ৷ CNN য়ে প্ৰকাশ কৰা এক ৰিপোৰ্ট অনুসৰি, 10 আগষ্ট পৰ্যন্ত ৰাছিয়াই অনুমোদন জনাব বিশ্বৰ প্ৰথমটো COVID-19 প্ৰতিষেধক ৷

ছোভিয়েট ইউনিয়নে 1957 চনত বিশ্বৰ প্ৰথমটো ছেটেলাইট প্ৰক্ষেপন কৰাৰ কথা উল্লেখ কৰি ৰাছিয়াৰ ছোভাৰেইন ৱেল্থ ফাণ্ডৰ মুৰব্বী কিৰিল ডিমিট্ৰিভে কয়, "এয়া স্পুটনিকৰ দৰে মূহুৰ্ত ৷ ৰাছিয়াৰ ছোভাৰেইন ৱেল্থ ফাণ্ডে প্ৰতিষেধকৰ গৱেষণাৰ বাবে বিত্তৰ যোগান ধৰি আছে ৷"

তেওঁ কয়, "স্পুটনিকৰ কথা শুনি আমেৰিকানসকল আচৰিত হৈ গৈছিল ৷ একে ঘটনা প্ৰতিষেধকৰ সৈতে সংঘটিত হৈছে ৷ ৰাছিয়াই প্ৰথমে প্ৰতিষেধকৰ অনুমোদন জনাব ৷"

CNN ৰ ৰিপোৰ্ট অনুসৰি, ৰাছিয়াই 10 আগষ্ট পৰ্যন্ত প্ৰতিষেধকৰ অনুমোদন জনাব ৷ এই প্ৰতিষেধক নিৰ্মাণ কৰি উলিয়াইছে মস্কোস্থিত গামালেয়া নামৰ প্ৰতিষ্ঠানে ৷ ৰাছিয়াই জানিবলৈ দিয়ে যে, প্ৰথমে স্বাস্থ্যকৰ্মীসকলে এই প্ৰতিষেধকৰ সুবিধা লাভ কৰিব আৰু পাচৰ পৰ্যায়ত সাধাৰণ লোকক প্ৰদান কৰা হ'ব ৷

তথ্য অনুসৰি, ৰাছিয়াৰ প্ৰতিষেধকে এতিয়াও দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু বিশ্বৰ বিভিন্ন স্থানৰ বহুকেইটা প্ৰতিষেধকে ইতিমধ্যেই তৃতীয় পৰ্যায়ৰ পৰীক্ষণত আছে ৷

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, মানৱ পৰীক্ষণৰ বাবে দেশখনৰ সামৰিক বাহিনীৰ জোৱানসকলে স্বয়ংসেৱকৰ দায়িত্ব পালন কৰিছে ৷ এই আঁচনিৰ নিৰ্দেশক আলেকজেণ্ডাৰ গিঞ্জবাৰ্গে মন্তব্য কৰে যে, প্ৰতিষেধক তেওঁ নিজেও গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে সাজু বাবৰি মছজিদ ট্ৰাষ্ট

ABOUT THE AUTHOR

...view details