নিউজ ডেস্ক, 12 আগষ্ট : ৰাছিয়াত প্ৰস্তুত হোৱা ক'ভিড-19ৰ প্ৰতিষেধক সাধাৰণ জনতাৰ বাবে 2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা উপলব্ধ হ‘ব ৷ মঙলবাৰে ৰাছিয়াৰ দ্বাৰা প্ৰস্তুত কৰা এই প্ৰতিষেধকৰ প্ৰমাণপত্ৰৰ সূত্ৰৰ পৰা সংবাদ মাধ্যমে এই খবৰ দিয়ে ৷
তাচ সংবাদ এজেঞ্চীয়ে দিয়া এক তথ্য মতে, ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মৰাশকোয়ে কয় যে, মাইক্ৰবায়ল'জিক গৱেষণা কেন্দ্ৰ গেমালেয়া আৰু ৰাছিয়াৰ ৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা সংযুক্ত ৰূপত বিকশিত কৰ‘ণাৰ প্ৰতিষেধক প্ৰথমে স্বাস্থ্যকৰ্মী আৰু শিক্ষকসকলক প্ৰদান কৰা হ‘ব ৷ তেওঁ লগতে কয় যে, "সাধাৰণ লোকৰ ক্ষেত্ৰত আমি এই ভেকচিনৰ প্ৰয়োগ আমি পৰ্যায় অনুসৰি আৰম্ভ কৰিম ৷"
লগতে পঢ়ক : বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা