ইন্টাৰনেচনেল ডেস্ক, ফেব্ৰুৱাৰী ২৪ :ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ইউক্ৰেইনত এক সামৰিক অভিযান ঘোষণা কৰে আৰু দাবী কৰে যে, ইউক্ৰেইনৰ ভাবুকিৰ প্ৰতিক্ৰিয়া স্বৰূপে এই পদক্ষেপ লোৱা হৈছে ।পুটিনে লগতে কয় যে ৰাছিয়াৰ ইউক্ৰেইন দখল কৰাৰ কোনো উদ্দেশ্য নাই (Russia Ukraine crisis) । ৰাছিয়াৰ ৰাষ্ট্ৰপতি জনে আন দেশসমূহক ৰাছিয়াৰ কাৰ্যত হস্তক্ষেপ নকৰিবলৈও সকিয়াই দিয়ে আৰু কয় যে হস্তক্ষেপৰ প্ৰচেষ্টাৰ ফল ভয়াবহ হব পাৰে ।
পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ সমূহৰ ওপৰত ৰাছিয়াই ইউক্ৰেইনক নাটোৰ সদস্য ভূক্তিত বাধা দিয়াৰ দাবীক অৱজ্ঞা কৰাৰ অভিযোগ কৰে ইউক্ৰেইন নাটোৰ সদস্য হোৱাৰ পাছত মস্কোৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল । তেওঁ লগতে ইয়াকো কয় যে ৰাছিয়াৰ সামৰিক অভিযানৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ "অসামৰিককৰণ" নিশ্চিত কৰা । পুটিনে কয় যে যিসকল ইউক্ৰেনীয় সৈনিকে আত্মসমৰ্পন কৰিব তেওঁলোকে সুৰক্ষিত ভাৱে যুদ্ধক্ষেত্ৰ এৰিবলৈ সক্ষম হ'ব । পুটিনে ইউক্ৰেইনত ৰাছিয়াৰ সেনাই সামৰিক অভিযান (Russian invasion on Ukraine ) আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই ইউক্ৰেইনৰ ওচৰৰ দক্ষিণ ৰাছিয়াৰ চহৰসমূহৰ পৰা ৰাছিয়ালৈ বিমান চলাচল বাতিল কৰে ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আগতে স্পষ্ট কৰিছিল যে ইউক্ৰেনে ৰাছিয়াৰ বাবে ভাবুকি সৃষ্টি কৰা নাই আৰু নকৰে । জেলেনস্কিৰ বক্তব্যৰ কিছু ঘন্টা পাছতেই ৰাছিয়াই ইউক্ৰেইন ওপৰত এই সামৰিক অভিযান আৰম্ভ কৰে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে যে ৰাছিয়াই দেশখনৰ সামৰিক আন্তঃগাঁথনি আৰু সীমান্ত ৰক্ষীসকলক আক্ৰমণ কৰিছে কিন্তু তেওঁ দেশখনৰ নাগৰিকসকলক আতংকিত নহ'বলৈ আহ্বান জনায়।
ৰাছিয়াৰ এই সামৰিক অভিযানৰ পাছতেই ইউক্ৰেইন চৰকাৰে বুধবাৰে মাজনিশাৰ পৰা পুৱা বৃহস্পতিবাৰে পূৱা ৭ বজালৈ পূৱ ইউক্ৰেইনৰ বিমানবন্দৰ সমূহ বন্ধ কৰি দিয়ে। ইয়াৰ উপৰিও, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইউক্ৰেইনৰ অনুৰোধত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে ।