ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰ :তুৰ্কীৰ উপকূলীয় অঞ্চল আৰু গ্ৰীচ দ্বীপৰ মধ্যসাগৰত শুকুৰবাৰে ভূমিকম্পৰ তীব্ৰ জোঁকাৰণিৰ ফলত 24 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ বৃহৎ অট্টালিকা ধংস হোৱাৰ লগতে বানৰ কৱলত পৰাৰ ফলত 1000 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ৷
ভূমিকম্পৰ জোঁকাৰণিৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে পশ্চিম তুৰ্কীৰ ইজমিৰৰ ছেফেৰিহিছাৰ জিলা ৷ তুৰ্কীৰ তৃতীয় বৃহত্তম নগৰ ইজমিৰত মৃত্যু হোৱা লোকৰ সংখ্যা 17 গৰাকী ৷ আনহাতে,আঘাতপ্ৰাপ্ত হৈছে 709 গৰাকী লোক ৷
চামোছত দেৱাল বাগৰি পৰাত দুই কিশোৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কত গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটকিছে টুইটাৰৰ জৰিয়তে কয়,"দুই কিশোৰৰ মৃত্যুত শোকপ্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে ৷" চামোছ দ্বীপত 19 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ আটাইকেইজনকে এথেন্সলৈ বিমানেৰে লৈ যোৱা হৈছিল আৰু সাতজনক চিকিৎসাধীন কৰা হৈছিল ৷