ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ: তালিবানে আফগানিস্তানৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিলে ঠিকেই । কিন্তু বিশ্বৰ বহু ৰাষ্ট্ৰই তাালিবানৰ শাসন ব্যৱস্থাক এতিয়াও স্বীকৃতি দিয়া নাই । আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যেই নিজৰ স্থিতি স্পষ্ট কৰি দিছে । তালিবানৰ শাসনৰ ব্যৱস্থাক বিশ্বৰ আন আন ৰাষ্ট্ৰই স্বীকৃতি দিব নে নাই, তাক লৈ চৰ্চা অব্য়াহত থকাৰ মাজতে এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তালিবান সন্দৰ্ভত আগবঢ়াইছে মতামত ।
তেওঁ তালিবানক সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা আঁতৰ কৰাৰ ইংগিত দিছে । এই পৰিকল্পনা সম্পৰ্কে পুটিনে কৰা মন্তব্যক আদৰণি জনাইছে তালিবানে । ইণ্টাৰনেশ্যনেল ভালদাই ক্লাবৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পুটিনে কয় যে, সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা তালিবানক আঁতৰ কৰাটো সম্ভৱ ।
তেওঁ লগতে কয় যে, অৱশ্যে ৰাষ্ট্ৰসংঘৰ পৰ্যায়ত ইয়াক সম্ভৱ কৰি তুলিব লাগিব । ৰাছিয়াৰ এক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে । দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আফগান বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বাল্খি(Abdul Qahar Balkhi)য়ে দেওবাৰে কয যে, সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাসকলৰ নাম ব্লেকলিষ্টৰ পৰা আঁতৰ কৰা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৰা মন্তব্যক আদৰণি জনাইছে আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । তালিবানৰ মুখপাত্ৰজনে টুইটযোগে কয় যে, যিহেতু যুদ্ধৰ সমাপ্তি ঘটিছে, সেয়েহে বিশ্বৰ আন দেশসমূহেও আফগানিস্তানৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ ইতিবাচক পৰিৱৰ্তন আনিব নতুন সম্পৰ্ক গঢ়ি তুলিব লাগিব ।