অসম

assam

ETV Bharat / international

পৰম্পৰাগত 'ইষ্টাৰ' উপলক্ষে দেশবাসীক সম্বোধন পুটিনৰ - খ্ৰীষ্টান ধৰ্মালম্বীৰ লোকৰ পৰম্পৰাগত ইষ্টাৰ

কেথলিক আৰু প্ৰ'টেষ্টান্টৰ এসপ্তাহৰ পাচত ১৯ এপ্ৰিল দেওবাৰে পালন কৰা হয় খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ পৰম্পৰাগত ইষ্টাৰ । এই শুভক্ষণত ৰাষ্ট্ৰপতি ৱ্লাডিমীৰ পুটিনে সকলো খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ সু-স্বাস্থ্যৰ কামনা কৰে ।

Putin address celebrates Orthodox Easter
Putin address celebrates Orthodox Easter

By

Published : Apr 20, 2020, 3:22 PM IST

Updated : Apr 20, 2020, 4:37 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃদেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে দেশবাসীক সম্বোধন জনায় খ্ৰীষ্টান ধৰ্মালম্বীৰ পৰাম্পৰাগত ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন কৰে । এই ইষ্টাৰে কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বান সমূহক দূৰ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

পুটিনে কয়,খ্ৰীষ্টৰ পুনৰুত্থানৰ এই উজ্জ্বল দিনটোত মই ক'ব খোজু ভগৱানৰ কৃপাত সকলো ঠিক হ'ব ।

১৯ এপ্ৰিল দেওবাৰে কেথলিক্ছ আৰু প্ৰ'টেস্টেন্টছৰ এসপ্তাহৰ পাচতেই খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে ইষ্টাৰ । কৰ'ণা ভাইৰাছৰ ভয়াৱহতা আৰু গন সমাৱেশৰ নিষেধাজ্ঞাৰ বাবেই এইবাৰ প্ৰায় সংখ্যক ৰাছিয়ানবাসীয়ে অনলাইন আৰু টেলিভিছনৰ জৰিয়তে এই ইষ্টাৰৰ কাৰ্যপ্ৰণালী উপভোগ কৰিবলৈ বাধ্য হয় । অৱশ্যে লক ডাউন নথকা কিছু কিছু অঞ্চলত জনসমাৱেশ দেখা পোৱা যায় ।

ৰাছিয়াত বৰ্তমানলৈকে কোভিড-১৯ ত ৪২,৮৫৩ জন লোক আক্ৰান্ত হৈছে । আনহাতে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্য়াৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষ দহটা স্থানত আছে ৰাছিয়া ।

Last Updated : Apr 20, 2020, 4:37 PM IST

ABOUT THE AUTHOR

...view details