অসম

assam

ETV Bharat / international

ত্ৰিদেশীয় ভ্ৰমণত ৰাষ্ট্ৰপতি কোবিন্দ - পত্নী সবিতা কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে 9 দিনীয়া ভ্ৰমণসূচীৰে তিনিখনকৈ দেশলৈ উৰা মাৰিছে ৷ তিনি ইউৰোপীয় দেশ আইচলেণ্ড, ছুইজাৰলেণ্ড আৰু শ্ল'ভেনিয়াৰ সৈতে ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে এই ভ্ৰমণসূচীৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতি কোবিন্দৰ সৈতে এই ভ্ৰমণলৈ উৰা মাৰিছে তেওঁৰ পত্নী সবিতা কোবিন্দ ৷

তিনিখনকৈ দেশলৈ উৰা মাৰিল ৰাষ্ট্ৰপতি কোবিন্দ

By

Published : Sep 9, 2019, 7:04 PM IST

Updated : Sep 9, 2019, 7:17 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 9 ছেপ্তেম্বৰ : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে 9 দিনীয়া ভ্ৰমণসূচীৰে তিনিখনকৈ দেশলৈ উৰা মাৰিছে ৷ তিনি ইউৰোপীয় দেশ আইচলেণ্ড, ছুইজাৰলেণ্ড আৰু শ্ল'ভেনিয়াৰ সৈতে ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে এই ভ্ৰমণসূচীৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতি কোবিন্দৰ সৈতে এই ভ্ৰমণলৈ উৰা মাৰিছে তেওঁৰ পত্নী সবিতা কোবিন্দ ৷

তিনিখনকৈ দেশলৈ উৰা মাৰিল ৰাষ্ট্ৰপতি কোবিন্দ

প্ৰথমে ৰাষ্ট্ৰপতি গৰাকী আইচলেণ্ডত উপস্থিত হৈ ৰাষ্ট্ৰপতি গুদনী জোহানেছন আৰু প্ৰধানমন্ত্ৰী কেট্ৰিন জেকবছদতিৰৰ সৈতে বৈঠকত মিলিত হ'ব ৷ ইয়াৰোপৰি, আইচলেণ্ডৰ এখন বিশ্ববিদ্যালয়ত তেওঁ 'সেউজ পৃথিৱীৰ উদ্দেশ্যে ভাৰত-আইচলেণ্ডৰ সহযোগিতা' বিষয়ত বক্তৃতা প্ৰদান কৰিব ৷

ছেপ্তেম্বৰৰ 11 তাৰিখে তেওঁ ছুইজাৰলেণ্ড ভ্ৰমণ কৰাৰ লগতে দেশখনৰ কেবিনেটত উপস্থিত হৈ ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব ৷ ইয়াৰোপৰি, কোবিন্দৰ সৈতে যোৱা ব্যৱসায়িক প্ৰতিনিধিৰ দলে ভাৰত-ছুইছ ব্যৱসায় ফ'ৰাম সম্পৰ্কত আলোচনাত মিলিত হ'ব ৷ ৰাষ্ট্ৰপতি গৰাকীক বাৰ্ণ বিশ্ববিদ্যালয়ত এক বিশেষ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদানৰ বাবেও নিমন্ত্ৰণ জনোৱা হৈছে ৷

ছেপ্তেম্বৰৰ 15 তাৰিখে তেওঁ শ্ল'ভেনিয়া ভ্ৰমণ কৰিব আৰু ইতিহাসত এয়া ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো শ্ল'ভেনিয়া ভ্ৰমণ হ'ব ৷ এই ভ্ৰমণত শ্ল'ভেনিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে কোবিন্দে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব ৷

Last Updated : Sep 9, 2019, 7:17 PM IST

ABOUT THE AUTHOR

...view details