ইণ্টাৰনেশ্বনেল ডেস্ক,4 চেপ্টেম্বৰ: তিনিদিনীয়া ভ্ৰমণকাৰ্যসূচী লৈ ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতীয় প্ৰবাসীসকলে বুধবাৰে ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ণ ফেডাৰেল ইউনিভাৰ্চিটিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উষ্ম আদৰণি জনায় ৷ ভাৰত আৰু ৰাছিয়াৰ মাজৰ বিংশতিতম বাৰ্ষিক বৈঠক আৰু ইষ্টাৰ্ণ ইক'নমিক ফ'ৰামৰ পঞ্চমখন সভাত অংশগ্ৰহণৰ বাবে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ইগোৰ মুৰ্গুলোভৰ উপস্থিতিত সামৰিক অভিবাদন জ্ঞাপন কৰা হয় ৷
মোদীৰ ৰাছিয়া ভ্ৰমণ, উৎফুল্লিত প্ৰৱাসী ভাৰতীয় - মোদীৰ ৰাচিয়া ভ্ৰমণ, উৎফুল্লিত প্ৰৱাসী ভাৰতীয়
মোদীয়ে ভাৰত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা, অসামৰিক পাৰমাণৱিক শক্তি, মহাকাশৰ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সহাৱস্থান আৰু সহযোগিতাৰ পোষকতা কৰে ৷

তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ ৰাছিয়াত উপস্থিত ভাৰতীয় প্ৰধানমন্ত্ৰী
গুৰুত্বপূৰ্ণ ৰাছিয়া ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী
এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে কেতবোৰ দ্বিপাক্ষিক,আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়কলৈ আলোচনাত মিলিত হ'ব ৷ দুয়োখন চৰকাৰে প্ৰতিৰক্ষা,বাণিজ্য,বিনিয়োগ,উদ্যোগিক সহযোগিতা,শক্তি আদি সম্পৰ্কীয় কেবাখনো চুক্তিত স্বাক্ষৰ কৰিব ৷
মোদীয়ে ভাৰত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা, অসামৰিক পাৰমাণৱিক শক্তি, মহাকাশৰ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সহাৱস্থান আৰু সহযোগিতাৰ পোষকতা কৰে ৷
Last Updated : Sep 4, 2019, 4:20 PM IST