ইন্টাৰনেশ্বনেল ডেস্ক, 25 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জি-7 সন্মিলনত উপস্থিত হোৱাৰ লক্ষ্যৰে ফ্ৰান্সলৈ উৰা মাৰিছে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীক জি-7 সন্মিলনৰ অন্যতম অংশীদাৰ দেশ হিচাপে আমন্ত্ৰিত হৈছে ৷ এই সন্মিলনতে মোডীয়ে পৰিৱেশ, বতৰ, মহাসাগৰ আৰু ডিজিটেল ট্ৰান্সফৰ্মেছনৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি, দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগা বিশ্বৰ নেতাসকলৰ সন্মিলন এখনতো উপস্থিত থাকিব তেওঁ ৷
জি-7 ত উপস্থিত হোৱাৰ লক্ষ্যৰে ফ্ৰান্সলৈ উৰা প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জি-7 সন্মিলনত উপস্থিত হোৱাৰ লক্ষ্যৰে ফ্ৰান্সলৈ উৰা মাৰিছে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীক জি-7 সন্মিলনৰ অন্যতম অংশীদাৰ দেশ হিচাপে আমন্ত্ৰিত হৈছে ৷
জি-7 ত উপস্থিত হোৱাৰ লক্ষ্যৰে ফ্ৰান্সলৈ উৰা প্ৰধানমন্ত্ৰী মোডীৰ
এই সন্মিলনতে ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰ বিষয়ত বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াই এই বাৰ্তা প্ৰেৰণ কৰিছিল ৷
উল্লেখ্য যে, ভাৰত জি-7 সদস্য নহয় যদিও ফ্ৰান্সে এই সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতক নিমন্ত্ৰণ জনায় ৷ ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণৰ সৈতে এক সফল বৈঠকত মিলিত হোৱাৰ পাছতে পেৰিছৰ প্ৰতিটো কাৰ্যক্ৰমতে নতুন দিল্লী কাষত থাকিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মোডীয়ে ৷