অসম

assam

By

Published : Aug 12, 2020, 5:31 AM IST

ETV Bharat / international

বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা

বিশ্বৰ প্ৰথমটো কোভিড-19ৰ প্ৰতিষেধক আৱিস্কাৰৰ পিচতেই ৰাছিয়াই ইয়াৰ প্ৰথমটো চিটা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ কন্যাক প্ৰদান কৰে ৷ অৱশ্যে দেশখনে এই প্ৰতিষেধকৰ চিটা প্ৰদানৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰড্ৰিগো ডুটেৰ্টেক নিৰ্বাচন কৰিছে ৷ ৰাছিয়াৰ এই আমন্ত্ৰণ অনুৰোধ গ্ৰহণ কৰিছে ফিলিপাইনছৰ প্ৰথম নাগৰিকগৰাকীয়ে ৷

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিলৈ ৰাছিয়াৰ কোভিড-19ৰ প্ৰতিষেধকৰ প্ৰথম চিটা
ফিলিপাইনছৰ ৰাষ্ট্ৰপতিলৈ ৰাছিয়াৰ কোভিড-19ৰ প্ৰতিষেধকৰ প্ৰথম চিটা

নিউজ ডেস্ক, 12 আগষ্ট :সমগ্ৰ বিশ্বই কোভিড-19 মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তে ৰাছিয়াই কোভিড-19 প্ৰতিৰোধী প্ৰতিষেধক আৱিস্কাৰ কৰি বিশ্বক নিজৰ শক্তি আৰু সামৰ্থ্যৰ পৰিচয় দিছে ৷ ৰাছিয়াই ইতিমধ্যে এই প্ৰতিষেধকৰ প্ৰথমটো চিটা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কন্যাক ইতিমধ্যে প্ৰদান কৰিছে যদিও ইয়াৰ প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে দেশখনে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিছে ৷ ইতিমধ্যে ৰাছিয়াই ইয়াৰ বাবে ফিলিপাইনছৰ প্ৰথম নাগৰিক ৰড্ৰিগো ডুটেৰ্টেক ইয়াৰ বাবে আমন্ত্ৰণ জনাইছে ৷ 12 আগষ্টত ৰাছিয়াই ইয়াক সমগ্ৰ বিশ্ববাসীৰ বাবে মুকলি কৰিব আৰু অক্টোৱৰ মাহত দেশখনে ইয়াক টীকাকৰণৰ কাম আৰম্ভ কৰিব ৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক নিজৰ আদৰ্শ হিচাপে মানি অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ এই নিমন্ত্ৰণ গ্ৰহণ কৰাৰ লগতে মেনিলাই এইক্ষেত্ৰত মস্কোক সকলোধৰণৰ সহযোগিতা কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছে ৷ পুতিনে এই প্ৰতিষেধকৰ দ্বাৰা সমগ্ৰ বিশ্বকে জনাই দিছে যে, দেশখনে ইয়াৰ বিৰুদ্ধে হোৱা যিকোনো সমস্যাক নিজাকৈ সমাধান কৰিব পৰাকৈ শক্তিশালী তথা সক্ষম ৷

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে Gamaleya Instituteৰ সহযোগত সাধাৰণ লোকৰ বাবে কোভিড-19ৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে আৰু ইয়াৰ ক্লিনিকেল পৰীক্ষণৰ পূৰ্বেই সাধাৰণ নাগৰিকক টীকাকৰণৰ বাবে আগবাঢ়িছে ৷ ইতিমধ্যে এই প্ৰতিষেধকে ইয়াৰ সকলোধৰণৰ পৰীক্ষণৰ স্তৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু দেশখনে অক্টোৱৰ মাহত ৰাছিয়াৰ জনসাধাৰণক ইয়াৰ দ্বাৰা টীকাকৰণ কৰিব বুলি জনাইছে ৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ লগতে ইয়াক প্ৰদান কৰা স্বেচ্ছাসেৱকসকলে টীকাকৰণৰ পিচতেই এক শক্তিশালী ৰোগ প্ৰতিৰোধী ক্ষমতাৰ পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে ৷ ৰাছিয়াৰ এই প্ৰতিষেধকক লৈ বিশ্বৰ অন্যতম ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে বিভিন্ন আপত্তি দৰ্শাইছে যদিও দেশখনে এই আপত্তি নাকচ কৰি কোভিড-19 প্ৰতিৰোধী প্ৰতিষেধকৰ সক্ষমতা তুলি ধৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

ABOUT THE AUTHOR

...view details