ইন্টাৰনেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ :শীৰ্ষ পদত অধিক মহিলা নিযুক্তি দি বিপাঙত পৰিল পেৰিছ নগৰ প্ৰশাসন ৷ যিসমত ভাৰতৰ দৰে দেশত শীৰ্ষ পদত পুৰুষে অগ্ৰাধিকাৰ লাভ কৰি আহিছে সেই সময়ত পেৰিছত সংঘটিত হোৱা এই কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে ৷
2018 চনত বহুকেইটা শীৰ্ষ পদৰ বাবে মহিলাক নিযুক্তি দি 90,000 ইউৰোছ অৰ্থাৎ 110 ইউএছ ডলাৰ জৰিমনা ভৰিব লগা হ'ল পেৰিছ চিটী হল ৷ লিংগ সমতা নিশ্চিতকৰণৰ এখন আইন উলংঘা কৰাৰ বাবে এই জৰিমনা ভৰিব লগা হয় পেৰিছ চিটী হলে ৷
পেৰিছৰ মেয়ৰ এন হিদালগোয়ে এই জৰিমনাক 'অনুচিত' আৰু 'বিবেকহীন' বুলি মন্তব্য কৰিছে ৷ লগতে তেওঁ কয়, "মই সুখী যে, আমি জৰিমনা ভৰিব লগা হৈছে ৷" নগৰ পৰিষদৰ এক বৈঠকত তেওঁ জৰিমনাৰ বিষয়ে জানিবলৈ পাই আনন্দিত হৈ পৰা বুলি মন্তব্য কৰে ৷
পুনৰবাৰ জয়ী হৈ আসন দখল কৰা চছিয়েলিষ্ট পাৰ্টীৰ সদস্য হিদালগোয়ে কয় যে, 2018 চনত তেওঁ মেনেজমেন্টৰ শীৰ্ষ পদৰ বাবে 11 গৰাকী মহিলা আৰু 5 জন পুৰুষক নিযুক্তি প্ৰদান কৰিছিল ৷ ইয়াৰ অৰ্থ এয়া যে, তেওঁ 69 শতাংশ মহিলাক এইকেইটা শীৰ্ষ পদত নিযুক্তি প্ৰদান কৰিছিল ৷