ইন্টাৰনেশ্বনেল ডেস্ক, 21 আগষ্ট : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাছতে বহুকেইখন দেশৰ পৰা সমৰ্থন নোপোৱাৰ পাছতে ফ্ৰান্সেও অপমানিত কৰিলে পাকিস্তানক ৷ জম্মু - কাশ্মীৰ বিষয়ক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিবলৈ চেষ্টা কৰা পাকিস্তানক সহায়ৰ হাত আগবঢ়াবলৈ অস্বীকাৰ কৰিলে ফ্ৰান্সে ৷
পুনৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মুখ থেকেছা পাকিস্তানৰ - ফ্ৰান্স
আমেৰিকা আৰু ৰাছিয়াৰ পাছতে ফ্ৰান্সেও নিৰাশ কৰিলে পাকিস্তানক ৷ এয়া দুয়ো দেশৰ মাজৰ বিষয় বুলি মন্তব্য কৰিলে ফ্ৰান্সে ৷
ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন ড্ৰিয়ানে মঙলবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰি মন্তব্য কৰে যে, এয়া দুয়ো দেশৰ (ভাৰত আৰু পাকিস্তান) মাজৰ বিষয় ৷ দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি এই বিষয়ৰ সমাধান কৰাৰ লগতে শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰা উচিত বুলি মন্তব্য কৰে ড্ৰিয়ানে ৷
এই মন্তব্য পাকিস্তানৰ বাবে অন্য এক উদ্বিগ্নতাৰ বিষয় হিচাপে থিয় দিছে কাৰণ নিৰাপত্তা পৰিষদৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াইও সহায়ৰ হাত আগবঢ়াবলৈ অস্বীকাৰ কৰিছিল পাকিস্তানক ৷