অসম

assam

By

Published : Aug 31, 2020, 11:13 AM IST

ETV Bharat / international

৬ সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা COVID-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা

কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে লণ্ডনৰ কেইগৰাকীমান বৈজ্ঞানিকে অক্সফ'ৰ্ড বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইম্পিৰিয়েল মহাবিদ্যালয়ৰ বৈজ্ঞানিকৰ সহযোগিতাত এটা নতুন ভেকচিনৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে। অনাগত ৬সপ্তাহৰ ভিতৰত ভেকচিন প্ৰস্তুত হোৱাৰ আশা।

৬সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা ক'ভিড-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা
৬সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা ক'ভিড-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা

ইণ্টাৰনেশ্যনেল ডেস্ক,৩১আগষ্ট: COVID-১৯ৰ ভয়াৱহতাৰ মাজতে বিশ্ববাসীলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে লণ্ডনৰ বৈজ্ঞানিকে। কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে লণ্ডনৰ কেইগৰাকীমান বৈজ্ঞানিকে অক্সফ'ৰ্ড বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইম্পিৰিয়েল মহাবিদ্যালয়ৰ বৈজ্ঞানিকৰ সহযোগিতাত এটা নতুন ভেকচিনৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে। অহা ৬মাহৰ ভিতৰত এই ভেকচিন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি উলিওৱাৰ সম্ভৱনা প্ৰকট কৰিছে বৈজ্ঞানিকৰ দলটোৱে।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত তেওঁলোকে কয় যে, 'নতুন ভেকচিনৰ বিকাশ আৰু পৰীক্ষণৰ বাবে আমি COVID-১৯ত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত থকা ৰোগীক বাচি ল'ম আৰু ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰ বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিত পৰিৱৰ্তন অনাত সফল হ'ব পাৰিম। ব্ৰিটেইনে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে পুনৰ ভয়ানক ৰূপ ধাৰণ কৰিছে।

শীতকালত ভেকচিনৰ বিকাশত সুফল পেৱা নাযাব বুলি বৈজ্ঞানিকে ইতিমধ্যে সতৰ্ক কৰি দিছে। এনে পৰিস্থিতিত চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ, শিক্ষানুষ্ঠানৰ নিয়ামীয়া পাঠদান সন্দৰ্ভত চিন্তিত হৈ পৰিছে ব্ৰিটেইন চৰকাৰ। ব্ৰিটেইনৰ ভেকচিন টাস্কৰ প্ৰধান কেট বিংহামে কয় যে, ভেকচিন প্ৰস্তুত কৰাক লৈ তেওঁ আশাবাদী যদিও এয়া সাৱধানে ভেকচিনৰ বিকাশৰ বাবে কাম কৰাৰ সময়, আনন্দ উদযাপনৰ সময় নহয়।

মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণৰ আশংকাৰ মাজতে যদি ভেকচিন প্ৰস্তুত হয় তেন্তে অহা বছৰৰ পৰা বিশ্ববাসীয়ে স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব। জৰুৰীকালীনভাৱে ভেকচিন ব্যৱহাৰৰ বাবে ব্ৰিটেইনে নিজৰ আইন ব্যৱস্থা সংশোধনৰ প্ৰস্তুতি চলাইছে। প্ৰয়োজনীয় সুৰক্ষা আৰু গুণগত মানৰ নিৰীক্ষণ কৰিহে জৰুৰীকালীনভাৱে ভেকচিন ব্যৱহাৰৰ অনুমতি দিয়া হ'ব। ইয়াৰ জৰিয়তে দেশখনৰ নাগৰিকে টীকাকৰণ কৰাৰ অনুমতি পাব, যিটো এই সময়ত আটাইতকৈ প্ৰয়োজন। পূৰ্বৰ পদ্ধতি অনুসৰি লাইচেন্স লাভৰ বাবে অপেক্ষা কৰিলে বহু সময় নষ্ট হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়ক:টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

ABOUT THE AUTHOR

...view details