নিউজ ডেস্ক, 3 নৱেম্বৰ :অল-কায়দাৰ বিৰুদ্ধে ফ্ৰান্সৰ বিধ্বংসী বিমান আক্ৰমণত 50ৰো অধিক ইছলামিক সন্ত্ৰাসবাদী নিহত হয় ৷ কেন্দ্ৰীয় মালিৰ সীমান্তৱৰ্তী বামাকো, বুৰ্কিনা ফাছো আৰু নিগাৰত ফ্ৰান্স বাহিনীয়ে সোমবাৰে বিমানেৰে আক্ৰমণ চলায় ৷ ফ্ৰান্স চৰকাৰে এই কথা প্ৰকাশ কৰিছে ৷
ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিয়ে সংবাদমাধ্যমত প্ৰকাশ কৰা অনুসৰি, সীমান্তৱৰ্তী অঞ্চলকেইটাত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতিবিধি নিৰীক্ষণকাৰী ড্ৰ'ণৰ নজৰত অহাৰ পিচতেই এই অভিযান চলোৱা হয় ৷ এই অভিযানত 30খনৰো অধিক মটৰচাইকেল ধ্বংস কৰাৰ লগতে 50ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় ৷ ফ্ৰান্সে এই অভিযানত দুখনকৈ মিৰাজ যুদ্ধবিমানৰ সহায়ত বিধ্বংসী ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷