অসম

assam

ETV Bharat / international

ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন - অলম্পিকৰ খেলৰ বাজেট

ট‘কিঅ অলম্পিকৰ আনুষ্ঠানিক বাজেট যোৱা মাহত 15.4 আৰৱ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিনতু আয়োজনত পলম হোৱাৰ বাবে ইয়াৰ বাজেট 2.8 আৰৱ ডলাৰলৈকে বৃদ্ধি হৈছে ৷

Only 200 days left in Tokyo Olympics
ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

By

Published : Jan 4, 2021, 6:23 PM IST

স্পৰ্টচ ডেস্ক, 4 জানুৱাৰী :কৰ‘ণা মহামাৰীৰ বাবে এবছৰৰ বাবে স্থগিত ৰখা ট‘কিঅ অলম্পিকৰ খেল সমূহ আৰম্ভ হ‘বলৈ মাজত মাত্ৰ 200 দিন বাকী ৷ সোমবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ইউহিহিদে ছুগাই কয় যে,তেওঁ ট‘কিঅ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কৰ‘ণা ভাইৰাছৰ নতুন ঘটনা পোহৰলৈ অহাৰ পাছত জৰুৰীকালীন স্থিতি সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে ৷ উল্লেখ্য যে, জাপানে ইয়াৰ পূৰ্বেও ক‘ভিড-19 ৰ বাবে লকডাউন দিয়া নাছিল ৷

ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

ট‘কিঅ অলম্পিকৰ আয়োজক,আন্তঃৰাষ্ট্ৰীয় অলম্পিক সমিতি আৰু জাপান চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে এতিয়া এক নিশ্চিত সিদ্ধান্ত গ্ৰহণৰ সময় চমু চাপি আহিছে ৷ বিষয়া সকলে আশ্বাস দিছিল যে, তেওলোকে নতুত বছৰৰ আৰম্ভণিতে অলম্পিক আৰু পাৰালম্পিকত অংশগ্ৰহণ কৰিবলগীয়া 15000 খেলুৱৈ,খেল অনুৰাগী, মিডিয়া, জ‘জ, বিষয়া আৰু বিশিষ্ট ব্যক্তি সকলৰ সুৰক্ষাক লৈ বিশেষ ব্যৱস্থাৰ ঘোষণা কৰিব ৷

উল্লেখ্য যে, জাপানত ক‘ভিড-19ৰ কাৰণে 3400 গৰাকী লোকৰ মৃত্যু হৈছে আৰু পুনৰ নতুন কৰ‘ণাৰ ঘটনা বৃদ্ধি হোৱা বিষয়টো চিন্তাজনক হৈ পৰিছে ৷ ইফালে বিগত মাহত ৰাষ্ট্ৰীয় প্ৰচাৰমাধ্যম এন.এচ.কে.ই চলোৱা এক জৰীপত 63 শতাংশ লোকে ট‘কিঅ অলম্পিক স্থগিত বা বাতিল কৰাৰ পক্ষত মত প্ৰকাশ কৰিছে ৷

আনহাতে ট‘কিঅ অলম্পিকৰ আনুষ্ঠানিক বাজেট যোৱা মাহত 15.4 আৰৱ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিনতু আয়োজনত পলম হোৱাৰ বাবে ইয়াৰ বাজেট 2.8 আৰৱ ডলাৰলৈকে বৃদ্ধি হৈছে ৷ তদপৰি বিগত বৰ্ষত চৰকাৰী হিচাপ কিতাপৰ অন্তত অনুমান কৰা হৈছিল যে, অলম্পিকৰ খেলৰ বাজেট 25 আৰৱ লৈকে হ‘ব ৷

লগতে পঢ়ক: লা লিগাত বাৰ্চিলোনাৰ হৈ মেছীৰ 500 মেচ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details