অসম

assam

By

Published : Mar 1, 2022, 3:33 PM IST

Updated : Mar 1, 2022, 4:24 PM IST

ETV Bharat / international

Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু

ইউক্ৰেইনত আৱদ্ধ হৈ থকা কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে ৷ পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয় ছাত্ৰজন ।

one-indian-student-stranded-in-ukraine-dies
Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু

ইন্টৰনেচনেল ডেস্ক,1 মাৰ্চ:ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰে পৰা দেশখনত সংঘটিত হৈ আহিছে বোমাবর্ষণৰ ঘটনা (Russia-Ukraine crisis) । ইয়াৰ মাজতে, সৰ্বসাধাৰণে নিজকে সুৰক্ষিত কৰিবলৈ আশ্ৰয় বিচাৰিছে । এই সময়চোৱাত প্ৰায় ১৬,০০০ ভাৰতীয় লোক যুদ্ধক্ষেত্ৰত আবদ্ধ হৈ আছে (indian student stranded in ukraine ) । শেহতীয়াকৈ অহা এক প্ৰতিবেদন অনুসৰি, এই পৰিস্থিতিৰ মাজত ইউক্ৰেইনত আৱদ্ধ হৈ থকা কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে ৷

তেওঁ পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয় । ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে৷ নবীনে ইউক্ৰেইনত পঢ়ি আছিল । তেওঁৰ বন্ধুসকলে জনোৱা মতে, এই ঘটনাটো সংঘটিত হোৱাৰ সময়চোৱাত তেওঁলোকে পশ্চিম সীমান্তলৈ যাবলৈ লভিভৰ ৰেল ষ্টেচনলৈ ৰাওনা হৈছিল ।

উল্লেখযোগ্য যে, ভাৰতীয় শিক্ষাৰ্থীসকলে ভাৰতীয় দূতাবাসৰ পৰা নিৰন্তৰভাৱে সহায় বিচাৰি আছে ৷ ইফালে জানিব পৰা গৈছে যে, চেন্নাইত থকা নবীনৰ পিতৃ-মাতৃয়ে খাৰকিভৰ পৰা শিক্ষাৰ্থীসকলক বাহিৰলৈ লৈ যাবলৈ ৰাছিয়াৰ দূতাবাসৰ সহায় বিচাৰিছিল কিয়নো খাৰকিভ সীমান্তৰ পৰা ৰাছিয়া মাত্ৰ ৩০ কিলোমিটাৰ দূৰত অৱস্থিত। এতিয়া, উদ্ধাৰ প্ৰক্ৰিয়াৰ মাজতে এইদৰে ভাৰতীয় ছাত্ৰ গৰাকী নিহত হোৱাৰ খবৰে স্বাভাৱিকতেই সংকিত কৰি তুলিছে বহুজনক ৷ ভাৰতীয় ছাত্ৰ নবীনৰ মৃত্যুকলৈ সমগ্ৰ দেশতে এতিয়া শোকৰ চা পৰিছে ৷

লগতে পঢ়ক :Russia Ukraine War : আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ চৰকাৰৰ

Last Updated : Mar 1, 2022, 4:24 PM IST

ABOUT THE AUTHOR

...view details