ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে শান্তিৰ নোবেল বঁটা বিজয়ী তথা পাকিস্তানৰ সমাজকৰ্মী মালালা ইউছুফজায়ে । এছাৰ মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল পাকিস্তানৰ সমাজকৰ্মীগৰাকী । বাৰ্মিংহামত পৰিয়ালৰ লোকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় বিবাহৰ অনুষ্ঠান । টুইটযোগে বিবাহৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছে মালালাই ।
ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, "আজিৰ দিনটো মোৰ জীৱনৰ এটা মূল্যৱান দিন । এছাৰ আৰু মই বিবাহপাশত আৱদ্ধ হ'বলৈ আৰু জীৱনৰ সংগী হোৱাৰ সিদ্ধান্ত ল'লো । আমাৰ পৰিয়ালৰ উপস্থিতিত বাৰ্মিংহামস্থিত বাসগৃহত অনুষ্টুপীয়াকৈ নিকাহৰ অনুষ্ঠান আয়োজন কৰা হয়" । তেওঁ সকলোৰে পৰা আশীৰ্বাদো বিচাৰে ।
মালালাই বিয়াৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে । মাত্ৰ কেইপদমান গহণাৰ সৈতে পাতল গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰা দেখা গৈছে মালালাক । তেওঁৰ স্বামী এছাৰ মালিককো চ্যুট পিন্ধা দেখা গৈছে ।
মালালাই পৰিয়ালৰ সৈতে এখন সুন্দৰ ফটোও ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে । উল্লেখ্য যে, আফগানিস্তান দখল কৰাৰ পিছত তালিবানে পুৰণি শাসন ব্যৱস্থা কাৰ্যকৰী কৰিছিল । আফগানিস্তানত চলা তালিবানৰ বৰ্বৰতাৰ বিৰুদ্ধে মালালাই মাত মাতিছিল ।
মালালাই কৈছিল যে, তালিবানে ২০ বছৰ আগতে মহিলাসকলক বিদ্যালয়লৈ যোৱাত বাধা দিছিল আৰু এই নিৰ্দেশ অমান্য কৰাসকলক কঠোৰ শাস্তি বিহিছিল । উল্লেখ্য যে, তালিবানৰ নাৰী শিক্ষাৰ অধিকাৰৰ দাবী কৰাৰ বাবেই ২০১২ চনত মাত্ৰ ১৫ বছৰ বয়সত তালিবানে গুলীয়াইছিল মালালাক । কিন্তু তালিবানৰ গুলীয়ে মালালাৰ কণ্ঠ ৰুদ্ধ কৰিব পৰা নাছিল ।
আৰোগ্য হোৱাৰ পাচত তেওঁ এগৰাকী শক্তিশালী মহিলা হিচাপে আত্মপ্ৰকাশ কৰিছিল, যিয়ে তালিবান আক্ৰমণৰ বিৰুদ্ধে পুনৰ সাহসেৰে মাত মাতিছিল । ২০১৪ চনত ১৭ বছৰ বয়সত মালালা ইউছুফজাইক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় । এই পৰ্যন্ত শান্তিৰ নোবেল বঁটা লাভ কৰা আটাইতকৈ কম বয়সৰ মহিলা হৈছে মালালা ইউছুফজাই ।
লগতে পঢ়ক:কেলেংকাৰীৰ অভিযোগ : অৱশেষত নিৰ্দোষী প্ৰমাণ হ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা