অসম

assam

ETV Bharat / international

বিশ্ব খাদ্য প্ৰগ্ৰেমলৈ শান্তিৰ নোবেল বঁটা - নোবেল কমিটী

বিশ্ব খাদ্য প্ৰগ্ৰেমলৈ (WFP) এই বছৰৰ শান্তিৰ নোবেল ঘোষণা ৷ শুকুৰবাৰে পুৱা 11 বজাত অছলোত এই বঁটা ঘোষণা কৰে নোবেল কমিটীয়ে ৷

নোবেল কমিটীৰ ঘোষণা
বিশ্ব খাদ্য প্ৰগ্ৰেমলৈ শান্তিৰ নোবেল বঁটা

By

Published : Oct 9, 2020, 4:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 9 অক্টোবৰ : নোবেল কমিটীৰ সিদ্ধান্ত অনুসৰি, 2020 বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰিব বিশ্ব খাদ্য প্ৰগ্ৰেমে (WFP) ৷ শুকুৰবাৰে পুৱা 11 বজাত অছলোত এই বঁটা ঘোষণা কৰা হয় ৷

এই বঁটা প্ৰদান সম্পৰ্কত নোবেল কমিটীয়ে সম্পূৰ্ণ গোপনীয়তা বজাই ৰাখিছিল যদিও বিশ্বৰ সবাতোকৈ সন্মানীয় এই বঁটাটো সম্পৰ্কত পূৰ্বেৰ পৰাই বহু জল্পনা-কল্পনা চলি আহিছিল ৷

এই বছৰত ছুইডেনৰ জলবায়ু কৰ্মকৰ্তা গ্ৰেতা থানবাৰ্গ, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দ্বাৰা প্ৰেৰণ কৰা এজেন্টৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰা ৰাছিয়ান বিসম্বাদী এলেক্সেই নাভালনী আৰু কৰ'ণা ভাইৰাছ মহামাৰী প্ৰতিহত কৰিবৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্ব স্বাস্থ্য সংস্থাই এই বঁটা লাভ কৰিব বুলি বহুতে পূৰ্বানুমান কৰিছিল ৷

ইয়াৰোপৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও এই বঁটা লাভ কৰিব বুলি বিশ্বাস কৰিছিল ৷ সৰ্বমুঠ 318 প্ৰাৰ্থী আছিল আৰু ইয়াৰে 211 গৰাকী ব্যক্তি আৰু 107 টা সংগঠন আছিল ৷ উল্লেখ্য যে, এই মনোনয়ন কিছু সংখ্যক নিৰ্বাচিত দল, ৰাষ্ট্ৰীয় আইন প্ৰণয়নকাৰী, ৰাজ্যসমূহৰ মুৰব্বী আৰু কিছুমান আন্তঃৰাষ্ট্ৰীয় সংগঠনে দাখিল কৰিব পাৰে ৷

এই মনোনয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল 1 ফেব্ৰুৱাৰী ৷ যিহেতু ক'ভিড-19 ক মহামাৰী হিচাপে মাৰ্চতহে ঘোষণা কৰা হ'ল সেয়েহে ক'ভিড যোদ্ধাসকলে এই বছৰৰ শান্তি বঁটাত মনোনয়নৰ সুবিধা লাভ নকৰিলে ৷

লগতে পঢ়ক:লিবিয়াত অপহৃত ভাৰতীয়ক স্বদেশলৈ অনাৰ প্ৰয়াস ভাৰত চৰকাৰৰ

ABOUT THE AUTHOR

...view details