ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ মাৰ্চ: অক্সফ'ৰ্ড-এষ্ট্ৰা জেনেকাৰ COVID-১৯ৰ প্ৰতিষেধকে তেজ গোট মৰাৰ মাত্ৰা বৃদ্ধি কৰিব বুলি আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিছে ইউৰোপীয় ইউনিয়নৰ ঔষধ নিয়ন্ত্ৰকে । জনসংখ্যা অনুপাতে প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা যথেষ্ট কম বুলি ঔষধ নিয়ন্ত্ৰকে জানিবলৈ দিছে । বৃহস্পতিবাৰে বি বি চিয়ে প্ৰকাশ কৰিছে যে, ডেনমাৰ্ক আৰু নৰৱে'কে ধৰি কেইবাখনো টীকাকৰণ প্ৰক্ৰিয়া স্থগিত কৰাৰ পিছত এই বিবৃতি প্ৰকাশ কৰা হয় ।
দেশকেইখনত অতি কমসংখ্যক লোকৰ প্ৰতিষেধক ব্যৱহাৰ কৰাৰ পিছত তেজ গোট মৰাৰ সমস্যাই দেখা দিছিল আৰু এই তথ্যৰ ভিত্তিতে এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল । প্ৰতিবেদনত উল্লেখ থকা মতে, প্ৰতিষেধকৰ এটা খোৰাক গ্ৰহণ কৰাৰ পিছত ইটালীৰ এজন ৫৮ বছৰীয়া লোকে দীপ ভেইন থ্ৰম্ব'চিছৰ সমস্যাত ভোগে আৰু তেওঁৰ মৃত্যু হয় । সম্প্ৰতি এই প্ৰতিবেদনক লৈ শংকিত হৈ দেশকেইখনত টীকাকৰণ প্ৰক্ৰিয়া স্থগিত কৰা হৈছে ।
ইউৰোপীয় ঔষধ সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে, টীকাকৰণে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি প্ৰমাণিত হোৱা নাই আৰু এনেবোৰ সমস্যা প্ৰতিষেধক গ্ৰহণৰ পাৰ্শ্বক্ৰিয়া হিচাপে তালিকাভুক্ত কৰা হোৱা নাই । প্ৰতিষেধক লোৱাৰ বাবে দীপ ভেইন থ্ৰম্ব'চিছৰ সমস্যাত ভোগা বিষয়ক লৈ অনুসন্ধান অব্যাহত থকাৰ মাজতে প্ৰতিষেধক গ্ৰহণৰ উপকাৰিতাই বিপদৰ আশংকা হ্ৰাস কৰিছে বুলিও সংস্থাটোৱে জানিবলৈ দিছে । ইউৰোপীয় ঔষধ সংস্থাৰ বিবৃতিত উল্লেখ কৰা হৈছে যে, পাঁচ নিযুত ইউৰোপীয় লোকৰ মাজত দীপ ভেইন থ্ৰম্ব'চিছৰ সমস্যাত ভোগা ৰোগী মাত্ৰ ৩০ গৰাকী আছে ।
এষ্ট্ৰা জেনেকাৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মতে, প্ৰতিষেধকটোৰ সুৰক্ষাৰ বিষয়টো পৰীক্ষণৰ সময়ত ব্যাপকভাৱে অধ্যয়ন কৰা হৈছিল । এজন মুখপাত্ৰই জনোৱা মতে, যিকোনো নতুন ঔষধৰ অনুমোদনৰ বাবে ঔষধ নিয়ন্ত্ৰকে স্পষ্ট কাৰ্যকৰী প্ৰণালী আৰু সুৰক্ষাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইংলেণ্ডত ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী নিয়ন্ত্ৰক সংস্থা(এমএইচআৰএ)ই কয় যে, COVID-১৯ৰ প্ৰতিষেধকে সমস্যা সৃষ্টি কৰাৰ কোনো প্ৰমাণ নাই আৰু মানুহে এতিয়া প্ৰতিষেধক গ্ৰহণ কৰা উচিত ।