ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ: বৰ্তমানেও সমগ্ৰ বিশ্বত অব্যাহত আছে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ । ডেল্টা প্ৰকাৰ(Delta variant)ৰ দ্বাৰা সংক্ৰমিত হৈছে বহু লোক । নিউজিলেণ্ড(New Zealand)ত নতুনকৈ ১৭৩ জন লোক ডেল্টা প্ৰকাৰ(Delta variant)ৰ দ্বাৰা সংক্ৰমিত হৈছে । এতিয়ালৈকে দেশখনত ৫,৭৫১ গৰাকী লোক ডেল্টা প্ৰকাৰ(Delta variant)ৰ কবলত পৰিছে ।
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, নতুনকৈ হোৱা আক্ৰান্তৰ ভিতৰত ১৬৩ জন অকলেণ্ডৰ, ৭ জন ৱাইকাটোৰ, দুজন নৰ্থলেণ্ডৰ আৰু এজন ব্যক্তি লেক জিলা স্বাস্থ্য পৰিষদ এলেকাৰ । বৰ্তমান মুঠ ৯০ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে চিকিৎসালয়ত । ইয়াৰে ৭ গৰাকী আই চি ইউ(Intensive care units)ত ভৰ্তি হৈ আছে । নিউজিলেণ্ডত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৮,৫০৪ গৰাকী ।